হৃত্ত্বিকৰ নতুন ‘বান্ধৱী’ৰ আটাইতকৈ বিশেষ দেওবাৰটো…
বিলাসবহুল ৰেস্তোঁৰাৰ গোপন নৈশভোজৰ পৰা ঘৰুৱা আড্ডালৈ- হৃত্ত্বিক ৰোশনৰ সৈতে ছাবা আজাদৰ সম্পর্কক মাত্ৰ ‘বন্ধুত্ব’ বুলি কোৱা যাবনে নাই তাকে লৈ প্রশ্ন উঠিছে অনুৰাগীৰ মনত। নতুনকৈ গাঢ় হৈছে তেওঁলোকৰ প্রেমৰ গুঞ্জন। সৌজন্যত হৃত্ত্বিকৰ খুৰাক ৰাজেশ ৰোশন। দেওবাৰে তেওঁ পোষ্ট কৰা এখন ফটোৱে সকলোকে নতুন গুজব কৰাৰ সুৱৰ্ণ সুযোগ দিছে। ৰোশন পৰিয়ালৰ সদস্যৰ সৈতে দেখা গৈছে হৃত্ত্বিক আৰু তেওঁৰ বান্ধৱী ছাবাক। আড্ডাত হৃত্ত্বিকৰ মাক পিংকী ৰোশন, খুৰাক ৰাজেশ ৰোশন, দুই পুত্ৰ ৰিয়ান আৰু হৃদানসহ আৰু বহুতকে দেখা যায়। সকলোকে হাঁহি মুখে আনন্দত মজি থকা দেখা যায়। ছচিয়েল মিডিয়াত ফটোখন দি ৰাজেশ ৰোশনে লিখিছে- আনন্দ সকলো সময়তে আমাৰ আশে পাশে থাকে, দেওবাৰৰ মধ্যাহ্নভোজনত সেয়া আৰু ভালকৈ বুজা যায়। খুৰাকৰ সৈতে একমত হৈ হৃত্বিকে লিখিলে মন্তব্যত- একদম ঠিক কথা কৈছা, আৰু সকলোতকৈ ফূৰ্তিৰ মানুহ তুমি। পোষ্টত নজৰ থাকে ছাবাৰো। আপ্লুত হৈ তেওঁ লিখিলে- জীৱনৰ আটাইতককৈ বিশেষ দেওবাৰ।