নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পানীৰ তলৰ কেইখনমান আচৰিত হোটেল

সমুদ্ৰৰ নীলা পানী কাৰ ভাল নালাগে! মানুহৰ এই ভাল লগাক গুৰুত্ব দিয়ে নতুন চিন্তাৰ উদ্ভাৱন হৈ আছে। এইবাৰ বিশ্বৰ কেইখনমান এনেকুৱা হোটেলৰ কথা ক’ম, যিকেইখন নিৰ্মাণ কৰা হৈছে পানীৰ মাজত।
ইণ্টাৰকণ্টিনেণ্টেল ছাংঘাই ৱাণ্ডাৰলেণ্ড

চীনৰ এইখন আণ্ডাৰৱাটাৰ হোটেল ছাংঘাইৰ কেন্দ্ৰৰ পৰা ২০ মাইল দূৰৰ ছংজিয়াঙত নিৰ্মাণ কৰা হৈছে। ইয়াৰে ওপৰ মহলৰ কোঠা আৰু সুন্দৰ বেলকনীৰ পৰা বৈ থকা নিজৰা দেখিবলৈ পোৱা যায়। হোটেলৰ দুটা মহলা ছাবমাৰ্জ, তাৰ পৰা প্ৰিমিয়াৰ আণ্ডাৰৱাটাৰ দৃশ্য দেখিবলৈ পাব অতিথিয়ে। ইয়াত ৰেষ্টুৰেণ্ট আৰু ছুইমিং পুলৰ সুবিধাও আছে।
ৰিজৰ্ট ৱৰ্ল্ড ছেণ্টোছা

ৰিজৰ্ট ৱৰ্ল্ড ছিংগাপুৰৰ সমুদ্ৰতীৰৰ পৰা অলপ দূৰৈত ছেণ্টোছা দ্বীপত নিৰ্মাম কৰা হৈছে। ইয়াত অতিথিয়ে গোটেই নিশা পানী আৰু মুকলি আকাশৰ তলৰ পৃথিৱী এখন অনুভৱ কৰিব পাৰে। হোটেলৰ তলৰ মহলাৰ পৰা ৪ লাখ মাছেৰে ভৰা একুৱেৰিয়াম দেখিবলৈ পোৱা যায়।
মাণ্টা ৰিজৰ্ট, পাম্বা আইলেণ্ড

তাঞ্জানিয়াৰ জাঞ্জিবৰ তীৰৰ হোটেলখনৰ আণ্ডাৰৱাটাৰ কোঠাবোৰ তীৰৰ পৰা দুই মিনিট দূৰৈত অৱস্থিত। ইয়াৰে কোনোবা এটা মহলাৰ পৰা দেখিবলৈ পোৱা যায় অতি মনোৰম কোৰেল ৰীফ ভিউ। ছাবমাৰ্জ বেডৰুমৰ পৰা দেখা পানীৰ তলৰ দৃশ্য কেৱল দেখাজনেহে হেনো বুজাব পাৰে। ইয়াত স্কুবা ডাইভো কৰিব পাৰে অতিথিয়ে।
হুৱাফেন ফুছি

মালদ্বীপৰ হিন্দ মহাসাগৰত নিৰ্মাণ কৰা হুৱাফেন ফুছিৰ আকৰ্ষণীয় কোঠাবোৰে সকলোৰে মন মুহিব পাৰে। অৱশ্যে এইখন পোনে পানীৰ তলত নহয়। কিন্তু ইয়াত বনোৱা স্পাৰে ২৫ফুট গভীৰতালৈ নামিব পাৰি।
দ্য়ি মুৰাকা, কনৰেড মালদ্বীপ ৰংগালী আইলেণ্ড

২০১৮ চনত কনৰেডৰ ৰংগালী দ্বীপত দ্যি মুৰাকাৰ আৰম্ভণি কৰা হৈছিল। ইয়াৰে আণ্ডাৰৱাটাৰ চেম্বাৰ পানীৰ তলত ১৬ ফুট গভীৰতাত নিৰ্মাণ কৰা হৈছে। ইয়াত ৱাটাৰ লিভিং স্থানো আছে। ইয়াৰে বেডৰুমৰ কাঁচৰ দুৱাৰবোৰেৰে মহাসাগৰৰ অপূৰ্ব সুন্দৰ দৃশ্যাৱলী দেখা যায়। ইয়াত একেলগে ৯জন মানুহ থাকিব পাৰে।
ৰীফচুইটছ

অষ্ট্ৰেলিয়াৰ বিটছেণ্ডে দ্বীপত বনোৱা ৰীফচুইটছ হোটেলতো আছে পানীৰ তলত থকাৰ সুবিধা। কুইন্সলেণ্ডৰ পৰা অতিথিয়ে ৪৯ মাইল দূৰৈৰ এই হোটেললৈ নাঁৱেৰে আহিব পাৰে। তৰাৰ জিকমিকনিৰ মাজত জিভাৰ পানী পৰা সুস্বাদু খাদ্য খাব পাৰে। প্ৰাইভেট কোঠাবোৰৰ পৰা পানীত নাচি থকা মাছৰ অনন্য সুন্দৰ দৃশ্য উপভোগ কৰিব পাৰে।

You might also like