নিয়মীয়া বাৰ্তা, ২৩ ফেব্ৰুৱাৰীঃ পুনৰ শিবিৰ সলনি কৰিব পাৰে বিহাৰৰ মুখ্যমন্ত্রী তথা জে ডি (ইউ)ৰ নেতা নীতিশ কুমাৰে৷ নির্বাচন বিশেষজ্ঞ প্রশান্ত কিশোৰৰ সৈতে বিহাৰৰ মুখ্যমন্ত্রীৰ সাক্ষাতৰ পিছতে এই প্রচাৰ আৰম্ভ হৈছে৷ সংবাদ মাধ্যমত প্রকাশ পোৱা অনুসৰি উত্তৰ প্রদেশৰ নির্বাচনৰ পিছতে বিজেপিৰ সংগ ত্যাগ কৰিব পাৰে নীতিশ কুমাৰৰ জে ডি (ইউ)য়ে৷ দলটোৰ অভ্যন্তৰত এই বিষয়টোক লৈ হেনো আলোচনাও চলিছে৷ ইতিমধ্যে কেইবাগৰাকীও বিৰোধী নেতাৰ সৈতে আলোচনাত মিলিত হোৱা নীতিশ কুমাৰে বিৰোধী শিবিৰত যোগ দি ৰাষ্ট্রপতি নির্বাচনৰ প্রার্থী হ’ব পাৰে৷