নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মোদীক বিতৰ্কলৈ আমন্ত্ৰণ পাক প্ৰধানমন্ত্ৰীৰ, কি কয় কংগ্ৰেছী নেতাই…

বিশেষ বাৰ্তা, ২৩ ফেব্ৰুৱাৰীঃ পাকিস্তানৰ প্রধানমন্ত্রী ইমৰান খানে নৰেন্দ্র মোদীক টেলিভিছন চেনেলৰ বিতর্কত যোগ দিবলৈ আহ্বান জনাইছে। ৰাছিয়া ভ্ৰমণলৈ যোৱা ইমৰান খানে সংবাদ মাধ্যমক দিয়া এক সাক্ষাতকাৰত কয় যে বিতর্কৰ জৰিয়তে যদি মতবিৰোধ আঁতৰ হয়, তেন্তে দুয়োখন দেশৰ কোটি কোটি মানুহ উপকৃত হ’ব। ভাৰতৰ তৰফৰ পৰা এতিয়ালৈ কোনো প্ৰতিক্ৰিয়া প্ৰকাশ নকৰিলেও ইমৰান খানৰ আহ্বানৰ পাছতে ছচিয়েল মিডিয়াত সোচ্চাৰ হৈছে কংগ্ৰেছ নেতাসকল। জ্যেষ্ঠ কংগ্ৰেছী নেতা শশী থাৰুৰে কৈছে যে যুদ্ধ-যুদ্ধ কৰি থকাতকৈ মুখামুখী তৰ্কই ভাল। কিন্তু ভাৰতৰ টিভি চেনেলত বিতৰ্ক নকৰিব।

আমাৰ একাংশ এংকৰে টিআৰপিৰ বাবে ইয়াতেই তৃতীয় বিশ্বযুদ্ধ ঘোষণা কৰিব। আন এজন কংগ্ৰেছী নেতা মনীষ তিৱাৰীয়ে কটাক্ষ কৰি কৈছে যে টেলিভিছনৰ বিতর্কৰে পাকিস্তান সমৰ্থিত সন্ত্ৰাসবাদী কেনেকৈ নোহোৱা কৰা যাব? কংগ্ৰেছ নেতা অভিষেক সিংভীয়ে কয় যে, ৰাজনীতিত বিৰোধ থাকিলেও তেওঁ নিজৰ প্ৰধানমন্ত্ৰীক সন্ত্ৰাসবাদক উচতনি দিয়া পাকিস্তানৰ সৈতে বিবাদত বহিব নিদিয়ে।

You might also like