নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দেশৰ হৈ যুঁজ দিব বক্সিঙৰ কিংবদন্তী ভিটালি-ভ্লাডিমিৰ ক্লিটছকোৱে

বিশেষ বাৰ্তা, ২৫ ফেব্ৰুৱাৰীঃ প্রাক্তন হেভিৱেট বক্সিং চেম্পিয়ন ভিটালি ক্লিটছকো আৰু তেওঁৰ ভাতৃ তথা সহকর্মী ৱালডিমিৰ ক্লিটছকোৱে। নিজৰ দেশ ইউক্রেইনত ৰাছিয়াৰ আক্রমণৰ পাছত ‘ৰক্তাক্ত যুদ্ধ’ আৰম্ভ হৈছে। সেই যুদ্ধত যুঁজ দিবলৈ আগুৱাই আহিছে বক্সিং চেম্পিয়নগৰাকী। ভিটালি ক্লিটছকোৱে ২০১৪ চনৰ পৰা ইউক্রেইনৰ ৰাজধানী কিয়েভৰ মেয়ৰ আছিল। তেওঁ জনাইছে যে তেওঁলোকৰ হাতত আৰু কোনো উপায় নাই, যুঁজ কৰিবই লাগিব। ৫০ বছৰীয়া এই তাৰকা বক্সাৰগৰাকী সেই সময়ত ‘ডক্টৰ আয়ৰনফিষ্ট’ নামে পৰিচিত আছিল। আনহাতে, প্রাক্তন হেভিৱেট চেম্পিয়ন ভ্লাডিমিৰ ক্লিটছকো এই মাহৰ প্ৰাৰম্ভতে ইউক্রেইনৰ ৰিজার্ভ সেনা বাহিনীত তালিকাভুক্ত হৈছে। তেওঁ জনাইছে যে দেশৰ প্রতি থকা ভালপোৱাই তেওঁক এই কাম কৰিবলৈ বাধ্য কৰিছে।

You might also like