নিয়মীয়া বাৰ্তা, ২৬ ফেব্ৰুৱাৰীঃ ৱেষ্ট ইণ্ডিজৰ পাছত এইবাৰ শ্রীলংকাৰ বিৰুদ্ধে টি–২০ শৃংখলা জয়ৰ লক্ষ্য লৈছে টীম ইণ্ডিয়াই৷ ৰোহিত শর্মা নেতৃত্বাধীন দলটোৱে এই লক্ষ্যৰে আজি শ্রীলংকাৰ বিৰুদ্ধে ধৰমশালাত দ্বিতীয় টি–২০ত অৱতীর্ণ হ’ব৷ যুৱ অ’পেনাৰ ঈশান কিশন আৰু উদীয়মান তাৰকা শ্রেয়াছ আয়াৰৰ চমকপ্রদ বেটিঙৰ সহায়ত বৃহস্পতিবাৰে নিশা প্রথম টি–২০ত সহজ জয় সাব্যস্ত কৰাৰ পাছত ঘৰুৱা দলটোৱে দ্বিতীয় টি–২০ত আত্মবিশ্বাসেৰে খেলপথাৰত নামিব৷
ইফালে, আঘাতৰ বাবে প্রথম টি–২০ত খেলিব নোৱাৰা প্রতিভাৱান বাঁওহতীয়া অ’পেনাৰ ৰিতুৰাজ গাইকোৱাডে আজি মূল একাদশত স্থান পোৱাৰ সম্ভাৱনা আছে৷ তেওঁ ঈশান কিশনৰ সৈতে টীম ইণ্ডিয়াৰ ইনিংছ মুকলি কৰিব৷ এনে পৰিস্থিতিত অধিনায়ক ৰোহিতে মিডল অর্ডাৰত খেলিব৷ ইয়াৰ পূর্বে ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে টি–২০ শৃংখলাৰ এখন মেচত তাৰকাগৰাকীয়ে দুই যুৱ অ’পেনাৰক ইনিংছ মুকলিৰ দায়িত্ব দি নিজকে মিডল অর্ডাৰলৈ ঠেলি দিছিল৷ সুস্থ হৈ দললৈ ওভতা ৰবীন্দ্র জাদেজাৰ প্রদর্শনৰ ওপৰত ক্রিকেট অনুৰাগীৰ নজৰ থাকিব৷ প্রথম টি–২০ৰ দৰে দ্বিতীয় টি–২০তো তেওঁক ৪ অথবা পাঁচ নম্বৰত বেটিঙৰ সুযোগ দিয়া হ’ব বুলি অধিনায়ক ৰোহিতে ইংগিত দিছে৷
ইফালে, দীর্ঘদিনৰ মূৰত টি–২০ দললৈ প্রত্যাৱর্তন ঘটা সঞ্জু ছেমছনে ধৰমশালাত বেটিঙৰ সুযোগলৈ অপেক্ষা কৰিছে৷ প্রথম টি–২০ত তেওঁ বেটিঙৰ সুযোগ পোৱা নাছিল৷ আনহাতে, দীপক হুদা আৰু ভেংকটেশ আয়াৰৰ দৰে যুৱ অলৰাউণ্ডাৰৰ আগমনে টীম ইণ্ডিয়াৰ বলিং বিভাগৰ ভাৰসাম্যতা বৃদ্ধি কৰিছে৷ উল্লেখ্য যে ভাৰতে শেহতীয়াকৈ দহখন টি–২০ মেচত একেৰাহে জয় সাব্যস্ত কৰি আছে৷ টীম ইণ্ডিয়াৰ এই জয়ৰ ধাৰা ভংগ কৰি অঘটন ঘটাবলৈ সাজু হৈছে আলহী দল শ্রীলংকা৷
খেলৰ সময়ঃ সন্ধিয়া ৭ বজা৷