ভাৰতীয় সময় অনুসৰি বৃহস্পতিবাৰে পুৱাৰ পৰা ইউক্রেইনৰ ওপৰত আক্রমণ আৰম্ভ কৰিছে ৰাছিয়াই। ইউক্রেইন-ৰাছিয়াক লৈ বিতর্ক চলি থকাৰ সময়ত মস্কোৱে আক্রমণ নকৰে বুলি প্রতিশ্রুতি দিয়াৰ পাছতো এই আক্ৰমণ চলায়। আক্রমণত বিপর্যস্ত ইউক্রেইন। এই আক্রমণৰ অন্তৰালত যিজন লোকৰ হাত আছে, তেঁৱে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ ভ্লাডিমিৰোভিচ পুটিন। বৰ্তমান গোটেই বিশ্বতে চৰ্চিত এটি নাম পুটিন।সৰুৰে পৰাই দুৰন্ত আছিল ভ্লাডিমিৰ। ছাত্রাৱস্থাতে সমবয়সীয়া আন ল’ৰাৰ সৈতে মাজে মাজে মাৰপিট কৰিছিল। স্কুলীয়া দিনৰ পৰা নিজৰ বন্ধু-বান্ধৱেৰে তৈয়াৰী গেং আছিল পুটিনৰ।আনকি ধীৰে ধীৰে অপৰাধ জগতৰ দিশেও আগুৱাইছিল। অপৰাধ জগতত প্ৰৱেশ নকৰিবলৈ বিকল্প হৈ উঠে খেলা-ধুলাত আৰু যুৱ বয়সত জুডোত পাৰ্গত হৈ উঠে। সেই সময়ত জুডো-কাৰাটে খেলাসকলৰ ওপৰত নজৰ ৰাখিছিল ৰুছ গুপ্তচৰ সংস্থা কেজিবি।
পুটিনৰো নিজৰে চোৰাংচোৱা সংস্থাত যোগ দিয়াৰ খুব ইচ্ছা আছিল। ষ্টীয়াৰলিটজৰ গল্পৰ আধাৰত নিৰ্মাণ কৰা ছবি ‘ছেভেনটিন মোমেন্টছ অৱ স্প্রিং’ এ ভ্লাডিমিৰক গুপ্তচৰ সংস্থাত যোগ দিবলৈ অনুপ্রাণিত কৰিছিল। ইয়াৰ উপৰি দ্বিতীয় বিশ্বযুদ্ধৰ ওপৰত ভিত্তি কৰি নিৰ্মাণ কৰা বিভিন্ন চিনেমায়ো চোৰাংচোৱা সংস্থাত যোগ দিবলৈ অনুপ্রাণিত কৰিছিল। ১৯৭৫ চনত তেওঁ কেজিবিত যোগ দিছিল। ১৯৯০ চনলৈ তাত কাম কৰে আজিৰ সবাতোকৈ শক্তিশালী ৰাষ্ট্ৰপতিজন।
ছোভিয়েট ইউনিয়নৰ পতনৰ পাছত তেওঁ ক্রেমলিনৰ কর্মী হিচাপে নিযুক্ত হয়। তেতিয়া চোৰাংচোৱাৰ বাবে সাধাৰণ মানুহক বিয়া পাতি সংসাৰ কৰা সহজ কথা নাছিল। প্রাণ হাতত লৈ কাম কৰা,নিজৰ কামৰ কথা পৰিয়ালক ক’ব নোৱাৰা ইত্যাদি। তেওঁলোকৰ সন্দেহৰ দৃষ্টি থাকে সকলোৰে ওপৰত। নিজৰ সংগীকো বিশ্বাস কৰা কঠিন হৈ পৰে। এনেকুৱাই ঘটিছিল ভ্লাডিমিৰ সৈতেও। কিন্তু তেওঁৰ সেই পৰীক্ষাত সফলভাৱে উত্তীর্ণ হৈছিল পত্নী লুডমিলা পুটিনা।
প্রেম কৰাৰ সময়ত লুডমিলাক নিজৰ কর্মজীৱন সম্পর্কে একোৱে জনোৱা নাছিল। কেজিবিৰ বিষয়ে লুকুৱাই তেওঁ পুলিছত কাম কৰা বুলি জনাইছিল। লুডমিলাৰ চৰিত্রও জুখি চাইছিল। প্রেমিকাৰ চৰিত্র বিচাৰ কৰিবলৈ লুডমিলাৰ কাষলৈ পঠিয়াইছিল নিজৰ এজন বন্ধুক। সেই বন্ধুৱে লুডমিলাক প্রেমৰ প্রস্তাৱ দিছিল। লুডমিলাই জনাইছিল তেওঁৰ এজন ‘পুলিচ’প্রেমিক আছে। ইয়াৰ পাছত আৰু দেৰি নকৰিলে। তেওঁ বুজি উঠিছিল, লুডমিলাই সঠিক জীৱনসংগী। ১৯৮৩ চনত বিয়া পাতি দাম্পত্য জীৱন আৰম্ভ কৰে ভ্লাডিমিৰ-লুডমিলাই।