নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাকিস্তানৰ পৰা উভতিব নোৱাৰিব, অষ্ট্ৰেলিয়াৰ ক্ৰিকেটাৰক ভাবুকি

বিশেষ বাৰ্তা, ১মাৰ্চঃ সুদীর্ঘ ২৪ বছৰৰ পাছত পাকিস্তান ভ্ৰমণলৈ আহিছে অষ্ট্ৰেলিয়াৰ ক্ৰিকেট দল। আৰু ভ্ৰমণৰ দ্বিতীয় দিনাই এক চাঞ্চল্যকৰ বাতৰি পোহৰলৈ আহিছে। জনা মতে, ভ্ৰমণলৈ অহাৰ আগতে অষ্ট্ৰেলিয়াৰ বাঁওহতীয়া স্পীনাৰ আছটন আগাৰক হত্যাৰ ভাবুকি দিয়া হৈছে। সেই ভাবুকি পোনে আগাৰক দিয়া হোৱা নাই। ইনষ্টাগ্রামত ভাবুকি ভৰা বাৰ্তা দিয়া হৈছে তেওঁৰ পত্নী মেডেলিনক। সকীয়াই দিয়া হৈছিল, পাকিস্তান ভ্ৰমণলৈ আহিলে তেওঁৰ স্বামী আৰু ঘৰলৈ উভতিব নোৱাৰে। অষ্ট্ৰেলীয় সংবাদ মাধ্যমত সোমবাৰে এই খবৰ প্ৰকাশ হোৱাৰ পাছতে হৈ-চৈ লাগিছে। বহুতৰে মনত পৰিছে, বিগত বছৰৰ নিউজিলেণ্ড ছিৰিজৰ কথা। শেষ মুহূর্তত এই ধৰণৰ ভাবুকি পোৱাৰ ফলত ভ্ৰমণ বাতিল কৰি স্বদেশলৈ উভতি যায় নিউজিলেণ্ড ক্রিকেট দল।

You might also like