নিয়মীয়া বাৰ্তা, ১ মাৰ্চঃ অখিল ৰঘু । কেৰেলাৰ যুৱক । বয়স মাত্ৰ ২৫ হৈছে । তেওঁ এটা বিদেশী জাহাজ কোম্পানীত কাম কৰিছিল । কামৰ বাবে তেওঁ ৩১ ডিচেম্বৰত যাবলগীয়া হৈছিল য়েমেনলৈ । য়েমেনত হুথি উগ্ৰপন্থীয়ে অখিলক অপহৰণ কৰে । তেওঁ বৰ্তমানো উগ্ৰপন্থীৰ কবলতে আছে ।
এই কথাখিনিয়ে অখিলৰ পত্নী জিতিনাক মানসিক ভাবে অস্থিৰ কৰি ৰাখিছিল । স্বামীক উগ্ৰপন্থীৰ কৱলৰ পৰা ৰক্ষাৰ্থে চিন্তা চৰ্চা কৰিছিল । জিতিনাই কেতিয়াও ভবা নাছিল যে তেওঁ জীৱনলৈও কেতিয়াবা দুৰ্যোগ আহিব । তেওঁ চিকিৎসা বিদ্যাৰ্থী আছিল । যোৱাবছৰেই ইউক্ৰেইনত পঢ়িবলৈ গৈছিল । কিন্তু বৰ্তমান নিজৰ জীৱন বচাবলৈকে বাংকাৰত থাকিবলগীয়া হৈছে । এফালে স্বামীৰ চিন্তা ,আনফালে নিজক বচাই ৰখাৰ যুদ্ধ । দুখন যুদ্ধ একেলগে চলাই নিবলগীয়া হৈছে । যোৱা বছৰ আগষ্ট মাহত দুয়ো বিবাহ পাশত আৱদ্ধ হৈছিল । কিন্তু কেইমাহমান যোৱাৰ পিছতেই তেওঁলোকৰ জীৱনলৈ নামি আহিল অমানিশা । এফালে স্বামীক পোৱাৰ প্ৰাৰ্থনা আনফালে জীয়াই থকাৰ তাড়না । মুঠতে এক ভয়ংকৰ পৰিস্থিতিৰ মাজেৰে দিন অতিবাহিত কৰিছে ।
অখিলৰ ভায়েক ৰাহুলে কয় – “দাদা বৰ্তমান সুৰক্ষিত । কিন্তু দাদাৰ লগতে আন ১৪জন লোকক উদ্ধাৰ কৰাৰ কোনো ব্যৱস্থা কৰা হোৱা নাই । কেন্দ্ৰীয় মন্ত্ৰী ,সাংসদ ,বিধায়কসকলকো বাৰে বাৰে অনুৰোধ কৰাৰ পিছতো কোনোধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাই । “
এইদৰে চলিছে এতিয়া অখিল আৰু জিতিনাৰ সংসাৰ । জিতিনাই নিজ দেশলৈ আহিবলৈ অপেক্ষা কৰি আছে আৰু স্বামীয়ে মুক্তিৰ অপেক্ষাত আছে ।