নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাষ্ট্ৰীয় ছাব-জুনিয়ৰ ৰাগবী প্ৰতিযোগিতালা অসম দল ঘোষণাঃ বজালীত অসম দলৰ ব্যাপক অনুশীলন

নিয়মীয়া বাৰ্তা, ৩ মাৰ্চঃ অহা ৫ আৰু ৬ মাৰ্চত তেলেঙ্গানাৰ চেকেন্দ্ৰাবাদ (হায়দৰাবাদ)ত অনুষ্ঠিত হ’বলগীয়া ১৪ বছৰ অনুৰ্ধৰ চাব জুনিয়ৰ ৰাষ্ট্ৰীয় ৰাগবী প্ৰতিযোগিতাৰ বাবে ল’ৰা আৰু ছোৱালীৰ অসম দল ঘোষণা কৰা হৈছে। অসম ৰাগবী সন্থাৰ সাঃ সম্পাদক অজিত কুমাৰ কলিতাই ঘোষণা কৰা অসম দলটোৰ ল’ৰা খেলুৱৈসকল হ’ল ৰঞ্জিত বড়ো, অবিনাশ ৰয়, সাগৰ পাটগিৰি, ধ্ৰুৱজ্যোতি শালৈ, হীৰকজ‍্যোতি বড়ো, দীপ বড়ো, কমল কাকতি, মৃন্ময় কাকতি, হিমন কাশ‍্যপ, ডিম্পল দাস আৰু অভয় শৰ্মা। আনহাতে ছোৱালী দলটোৰ খেলুৱৈৰ নাম সমূহ হ’ল ক্ৰমে হিয়ামনি কাকতি, শ্ৰুতিপৰ্ণা দাস, গৰিমা ৰয়, চুমি কাকতি, নিলাক্ষী পাটগিৰি, ৰুমী বসুমতাৰী, কস্মিতা পাঠক, কবিতা চৌধুৰী, নাৰ্গিশ ৰয়, দিপান্বিতা বৰ্মন আৰু ৰাজশ্ৰী কলিতা। উল্লেখ্য যে  বজালী ৰাগবী সন্থাৰ সাধাৰণ সম্পাদক তথা প্ৰশিক্ষক খনিন ৰয়ৰ তত্বাৱধানত অসম দলটোৰ অনুশীলন পাঠশালাৰ বজালী উচ্চতৰ মাধ্যমিক বিদ‍্যালয়ৰ খেলপথাৰত পূৰ্ণগতিত চলি আছে। স্মৰ্তব্য যে যোৱা ১৯ ফেব্ৰুৱাৰীত নলবাৰীৰ গৰ্ডন খেলপথাৰত অনুষ্ঠিত আন্তঃজিলা প্ৰতিযোগিতাখনিৰ পৰা অসমৰ দল দুটি নিৰ্বাচন কৰা হয়। আজি ৰাওণা হোৱা অসম দলটোৰ প্ৰৱন্ধক শান্তনু শইকীয়া, সহঃ প্ৰৱন্ধক খনিন ৰয় আৰু ছোৱালী দলটোৰ প্ৰৱন্ধক বিনীতা চৌধুৰী বুলি অসম ৰাগবী সন্থাৰ সাঃ সম্পাদক অজিত কলিতাই জানিবলৈ দিছে৷ উল্লেখনীয় যে ল’ৰাৰ ১১ জনীয়া দলটোৰ ১০ গৰাকী খেলুৱৈ আৰু ছোৱালী দলটোৰ ৯ জনী খেলুৱৈয়েই বজালীৰ জিলাৰ। প্ৰশিক্ষক খনিন ৰয়ৰ সাংগঠনিক বিচক্ষণতা, একাণপতীয়া আৰু ফলপ্ৰসূ প্ৰশিক্ষণ সূচীৰ বলত বজালীয়ে ধাৰাবাহিকভাৱে ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিদন্দ্বিতা কৰিব পৰা খেলুৱৈ গঢ় দি আহিছে।বছৰেকীয়া পৰীক্ষাৰ পৰিপ্ৰেক্ষিতত অনুশীলনত যতি পৰাৰ উপৰিও শোচনীয় অৰ্থনৈতিক অৱস্থা,প্ৰশিক্ষণৰ বাবে সীমিত সা-সৰঞ্জাম তথা অনুশীলনৰ বাবে উপযুক্ত খেলপথাৰৰ অভাৱে দলটোক বাৰুকৈয়ে জুৰুলা কৰি অহা সত্ত্বেও বজালী ৰাগবী সন্থাই যথেষ্ট পৰিশ্ৰমেৰে অসম দলটোক ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিদন্দ্বিতা কৰিবলৈ যত্নৰ ত্ৰুটি ৰখা নাই।বজালী দলৰ এই ধাৰাবাহিক সাফল্যত ৰাগবীয়ে সমগ্ৰ বজালী জিলাত এক  বিশেষ সমাদৰ লাভ কৰা পৰিলক্ষিত হৈছে। এনে এক প্ৰেক্ষাপটতে দুইটি দলকে বজালীৰ ক্ৰীড়া প্ৰেমী ৰাইজে শুভেচ্ছা জনোৱাৰ লগতে খনীন ৰয়ৰ প্ৰচেষ্টাৰ শলাগ লৈছে৷
প্ৰেৰক কল্যাণ কলিতা

You might also like