নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

খাৰুৱা তেলৰ অভাৱনীয় মূল্যবৃদ্ধি

নিয়মীয়া বাৰ্তা, ৪ মাৰ্চঃ ইউক্রেইনৰ বিৰুদ্ধে ৰাছিয়াৰ হিংস্র যুদ্ধ চলি থকা সময়তে বিশ্ব বাণিজ্যলৈ নামি আহিছে সংকট৷ ইফালে, খাৰুৱা তেলৰ মূল্য প্রতি বেৰেলত ১১৯ ডলাৰলৈ বৃদ্ধি পাইছে৷ ২০১২ চনৰ মে’ মাহৰ পিছত প্রথমবাৰলৈ তেলৰ মূল্য ৰকেটৰ গতিত বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে৷ ৰাছিয়া আৰু ইউক্রেইনৰ যুদ্ধৰ বাবে প্রাকৃতিক গেছৰ মূল্যও অভাৱনীয় হাৰত বৃদ্ধি পাইছে সমগ্র বিশ্বত৷ খাৰুৱা তেলৰ মূল্যবৃদ্ধিৰ পিছত পেট্র’লৰ মূল্যই ইউৰোপৰ বিভিন্ন দেশত ইতিমধ্যে অভিলেখ সৃষ্টি কৰিছে৷

You might also like