নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইউক্রেইনৰ পৰা ওভতা শিক্ষার্থীলৈ এনএমচিৰ সকাহ; ভাৰততে পাব মেডিকেলৰ ইণ্টার্নশ্বিপ সম্পূর্ণ কৰাৰ সুযোগ

নিয়মীয়া বাৰ্তা, ৬ মাৰ্চঃ ৰাছিয়া–ইউক্রেইনৰ যুদ্ধৰ ফলত স্বদেশলৈ উভতি অহা চিকিৎসা বিজ্ঞানৰ শিক্ষার্থীয়ে ইণ্টার্নশ্বিপ সম্পূর্ণ কৰাৰ সুযোগ পাব৷ নেচনেল মেডিকেল কমিছন, চমুকৈ এন এম চিয়ে শনিবাৰে ঘোষণা কৰে যে ইউক্রেইনৰ পৰা প্রত্যাৱর্তন কৰা ভাৰতীয় মেডিকেল শিক্ষার্থীয়ে ভাৰতত ইণ্টার্নশ্বিপ সম্পূর্ণ কৰাৰ কাৰণে আবেদন কৰিব পাৰিব৷ অৱশ্যে এই শিক্ষার্থীসকলে ফ’ৰেইন মেডিকেল গ্রেজুৱেট এগজামিনেচন, চমুকৈ এফ এম জি ই উত্তীর্ণ হ’ব লাগিব৷ অর্থাৎ ফ’ৰেইন মেডিকেল গ্রেজুৱেটসকলক দেশত আধৰুৱা ইণ্টার্নশ্বিপ পূর্ণ কৰাৰ সুযোগ দিব৷ আনপিনে যিসকল শিক্ষার্থীয়ে পাঠ্যক্রম আধৰুৱা কৰি স্বদেশলৈ উভতি আহিছে, সেইসকলৰ ক্ষেত্রত কেন্দ্রীয় চৰকাৰে বিবেচনা কৰিব৷ এই সন্দর্ভত কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ে নীটৰ সৈতে সিদ্ধান্ত গ্রহণক লৈ অহা সপ্তাহত বৈঠকত মিলিত হ’ব৷ কিয়নো ইউক্রেইনৰ পৰা শিক্ষা আধৰুৱা কৰি অহা শিক্ষার্থীসকলে ভৱিষ্যৎ ইউক্রেইনলৈ যাব পাৰিব নে নোৱাৰে, তাৰ কোনো নিশ্চয়তা নাই৷

You might also like