নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বোন্দাত অব্যাহত অবাধ পাহাৰ খনন

বন বিষয়াৰে ব্যৱসায়ীৰ গোপন বুজাবুজিৰ অভিযোগ

নিয়মীয়া বাৰ্তা, ২২ জানুৱাৰীঃ জিলা প্রশাসনৰ কঠোৰ নিষেধাজ্ঞাৰ পিছতো বোন্দাত পাহাৰৰ ৰঙামাটি কাটি একাংশ অসাধু ব্যৱসায়ীয়ে ৰমৰমীয়া ব্যৱসায় চলাই আছে ৷ প্রাপ্ত তথ্য অনুসৰি নাৰেংগী খণ্ড বন কার্যালয়ৰ অধীনৰ বোন্দাৰ বিশেষকৈ চপাইডং, ঘুলিগাঁও, খাৰঘুলিকে ধৰি বহুকেইটা অঞ্চলত একাংশ ব্যৱসায়ীয়ে ব্যাপক হাৰত অবৈধভাৱে পাহাৰত খনন চলাইছে ৷ অসাধু ব্যৱসায়ীসকলে স্থানীয় বন বিষয়া–কর্মচাৰীৰ লগত গোপন বুজাবুজি কৰি দিনৰ ভাগতে নির্বিঘ্নে পিক–আপ ভান আৰু মিনি ট্রাকৰ সহায়ত ৰঙামাটি কঢ়িয়াই আছে ৷ ইতিমধ্যে স্থানীয় ইটাভাতাৰ স্বত্বাধিকাৰীসকলেও জে চি বিৰ সহায়ত ব্যাপক হাৰত ৰঙামাটি খনন চলাই নিজ নিজ ভাতাত মজুত কৰা পৰিলক্ষিত হৈছে ৷ নিশা ইটাভাতাৰ মালিকসকলে ডাম্পাৰৰ সহায়ত ৰঙামাটিৰ বৃহৎ দ’ম মজুত কৰাৰ পিছতে লোকচক্ষুৰ পৰা আঁতৰাই ৰখাৰ বাবে তাৰ ওপৰত বালিমাটি ছটিয়াই লয় ৷ যাৰ পৰিপ্রেক্ষিতত পুৱাৰ ভাগলৈ ৰঙামাটিৰ চিন–চাব প্রায় নোহোৱা হৈ পৰে ৷ আৰক্ষী আৰু নাৰেংগী খণ্ড বন কার্যালয়ৰ খণ্ড বন বিষয়াগৰাকীৰ ছত্রছায়াত এই খনন চলি থকাৰ অভিযোগ উত্থাপিত হৈছে ৷

You might also like