নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ফাকুৱাৰ পূর্বে প্রতি লিটাৰ ডিজেল–পেট্র’লত বৃদ্ধি পাব ১২ টকাকৈ

বেৰেলত খাৰুৱা তেলৰ মূল্য ১৩০ ডলাৰলৈ বৃদ্ধি

নিয়মীয়া বাৰ্তা, ৮ মাৰ্চঃ ৰাছিয়া–ইউক্রেইনৰ যুদ্ধই গোলকীয় অর্থনীতিলৈ ক্ষণে ক্ষণে শংকা নমাই আনিছে৷ ইউক্রেইনৰ ওপৰত ৰাছিয়াই যুদ্ধ ঘোষণা কৰাৰ পাছতেই আমেৰিকা যুক্তৰাষ্ট্র আৰু পশ্চিমীয়া দেশসমূহে মস্কোৰ বিৰুদ্ধে আর্থিক নিষেধাজ্ঞা জাৰি কৰাৰ লগে লগে যুদ্ধৰ বিৰূপ প্রভাৱ গোলকীয় অর্থনীতিত পৰিবলৈ আৰম্ভ কৰিছে৷ প্রতিদিনেই খাৰুৱা তেলৰ মূল্য বৃদ্ধি পাই আছে৷ খাৰুৱা তেলৰ মূল্য যুদ্ধ আৰম্ভ হোৱাৰ পাছৰে পৰা দ্রুতগতিত বর্ধিত হৈ আছে৷ বিগত ১৫ দিনৰ ভিতৰত খাৰুৱা তেলৰ মূল্য ৯.৩৮ শতাংশ বৃদ্ধি হৈ প্রতি বেৰেল খাৰুৱা তেলত ১৩০ মার্কিন ডলাৰলৈ বৃদ্ধি পাইছে৷ আমেৰিকা যুক্তৰাষ্ট্র আৰু ইউৰোপীয় দেশসমূহে ৰাছিয়াৰ তেল আমদানিত নিষেধাজ্ঞা জাৰি কৰাৰ পাছতেই খাৰুৱা তেলৰ মূল্য বৃদ্ধি হৈ আছে৷ কালিৰ তুলনাত খাৰুৱা তেলৰ মূল্য আজি প্রতি বেৰেলত ১০ মার্কিন ডলাৰকৈ বৃদ্ধি পাই ১৩০ মার্কিন ডলাৰ হৈছে৷ ২০০৮ চনৰ জুলাই মাহৰ পাছত ই হৈছে সর্বাধিক মূল্য৷ অৱশ্যে এতিয়ালৈকে প্রতি বেৰেলত সর্বকালৰ অভিলেখ ১৪৫ মার্কিন ডলাৰ স্পর্শ কৰিবলৈ বাকী আছে৷ লিবিয়াৰ তেল কোম্পানীৰ তথ্য মতে, সশস্ত্র বিদ্রোহী গোটে লিবিয়াৰ দুখনকৈ গুৰুত্বপূর্ণ তৈলক্ষেত্র বন্ধ কৰি ৰখাৰ বাবেও খাৰুৱা তেলৰ মূল্য বৃদ্ধিত অৰিহণা যোগাইছে৷

আন্তর্জাতিক বজাৰত খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্রেক্ষিতত ভাৰতত শীঘ্রে ইন্ধনৰ মূল্য বৃদ্ধি পোৱাটো প্রায় নিশ্চিত হৈছে৷ ৰাছিয়া–ইউক্রেইনৰ মাজত চলা যুদ্ধ আৰু ৫খন ৰাজ্যৰ নির্বাচন সামৰণি পৰাৰ বাবে কেন্দ্রীয় চৰকাৰে ইন্ধনৰ মূল্য বৃদ্ধি কৰাৰ পূর্ণ সম্ভাৱনা আছে৷ তথ্য মতে, অহা ফাকুৱা তথা হোলীৰ পূর্বে ভাৰতত প্রতিলিটাৰ পেট্র’ল আৰু ডিজেলত ১২ টকাতকৈ অধিক বৃদ্ধিৰ সম্ভাৱনা আছে৷ ৰাষ্ট্রীয় সংবাদ মাধ্যম পি টি আইৰ বিশ্বস্ত সূত্রৰ আধাৰত প্রকাশ কৰা বাতৰি অনুসৰি ১৫ মার্চৰ পূর্বে প্রতিলিটাৰ পেট্র’ল–ডিজেলৰ দাম ১২ টকাকৈ বৃদ্ধি কৰাৰ সম্ভাৱনা আছে৷ অৱশ্যে এই মূল্য ১৫ টকাকৈও বৃদ্ধি কৰাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি৷

আনপিনে, ৰাছিয়া আৰু ইউক্রেইনৰ চলিত যুদ্ধৰ বাবে বিনিয়োগকাৰীয়ে শ্বেয়াৰ বজাৰত অনিহা প্রকাশ কৰিছে৷ দুয়ো দেশৰ মাজত চলি থকা যুদ্ধৰ বাবে আন্তর্জাতিক বজাৰত খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ প্রভাৱত প্রতি মার্কিন ডলাৰৰ বিপৰীতে ভাৰতীয় মুদ্রাৰ মূল্য নিম্নগামী গৈছে৷ আজি ভাৰতীয় মুদ্রাৰ মূল্য সর্বকালৰ সর্বনিম্ন হৈছে৷ প্রতি আমেৰিকান ডলাৰৰ বিপৰীতে ভাৰতীয় মুদ্রাৰ মূল্য ৭৭.০২ টকা হৈছে৷ উল্লেখ্য যে শুকুৰবাৰে প্রতি মার্কিন ডলাৰৰ বিপৰীতে ভাৰতীয় মুদ্রাৰ মূল্য ৭৬.১৬ হৈ আছিল৷ আজি শ্বেয়াৰ বজাৰ আৰম্ভ হোৱাৰ পাছতে প্রতি মার্কিন ডলাৰৰ বিপৰীতে ভাৰতীয় মুদ্রাৰ মূল্য নিম্নগামী হ’বলৈ ধৰে৷ বজাৰ সামৰণি পৰালৈকে প্রতি মার্কিন ডলাৰৰ বিপৰীতে ৮১ পইচা নিম্নগামী হৈছে আৰু ই সর্বকালৰ সর্বনিম্ন ৭৭.০২ হয়গৈ৷

আনহাতে, যুদ্ধৰ নেতিবাচক প্রভাৱৰ বাবে দেশৰ শ্বেয়াৰ বজাৰতো অভাৱনীয় খহনীয়া আৰম্ভ হৈছে৷ বি এছ ই ছেনছেক্স ১৫০০ পইণ্ট নিম্নগামী হৈ বজাৰ সামৰণি পৰে ৫২,৮২৩ত৷ তেনেদৰে এন এছ ই নিফটীও ২.৩৯ শতাংশ নিম্নগামী হৈ বজাৰ সামৰণি পৰে ১৫,৮২০ত৷ বিগত সপ্তাহৰ পৰা ধাৰাবাহিকভাৱে চাৰি দিন ধৰি দেশৰ শ্বেয়াৰ বজাৰ নিম্নগামী হৈ আছে৷ লক্ষণীয় যে যোৱা শনিবাৰলৈকে শ্বেয়াৰ বজাৰত বিনিয়োগকাৰীয়ে ১৯০ বিলিয়ন মার্কিন ডলাৰ ক্ষতি সন্মুখীন হৈছে৷ এই ক্ষতিৰ মাজতে আজি পুনৰ শ্বেয়াৰ বজাৰত অভাৱনীয় পতন হয়৷

You might also like