নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘জীত কা লাড্ডু’ তৈয়াৰৰ ব্যস্ততা, জানেনে ক’ত

বিশেষ বাৰ্তা, ৯ মাৰ্চঃ বহু প্ৰত্যাশিত পাঁচ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ কাইলৈ ভোটগণনা। যাৰ বাবে ব্যস্ততা বাঢ়িছে মিঠাইৰ দোকানবোৰৰ। হয়, ঠিকেই পঢ়িছে আপুনি। মিঠাই অবিহনে বিজয়ৰ আনন্দ উল্লাস কেনেকৈ সম্ভৱ!সেয়ে ভোটগণনাৰ পূৰ্বে পাঞ্জাবৰ মিঠাইৰ দোকানীয়ে বিভিন্ন প্ৰকাৰৰ মিঠাই আৰু লাড্ডু তৈয়াৰত লাগি পৰিছে। তেওঁলোক ব্যস্ত ‘জীত কা লাড্ডু’ তৈয়াৰত। বিভিন্ন ৰাজনৈতিক দল তথা প্ৰাৰ্থীয়ে আগতীয়াকৈ মিঠাইৰ দোকানবোৰত দিছে ভিন্ন স্বাদৰ মিঠাইৰ অৰ্ডাৰ। পাঞ্জাবৰ হালৱাই এছোচিয়েচনৰ সভাপতিয়ে নিজেই জনাইছে যে এইবাৰ বিধানসভা নিৰ্বাচনৰ বিজয়োল্লাসৰ বাবে তেওঁলোকে কেইবা কিলো হিচাপত বিশেষ মিঠাইৰ আগতীয়া অৰ্ডাৰ লাভ কৰিছে। যাৰ বাবে সুস্বাদু লাড্ডু আৰু মিঠাই তৈয়াৰ কৰিব জনা অভিজ্ঞবোৰক লগাই দিয়া হৈছে কামত।

You might also like