পুটিন হিংস্ৰ মানসিক ৰোগী, তেওঁ মোৰ হাতত খামুচি ধৰিছিল, মোক…
বিশেষ বাৰ্তা, ৯মাৰ্চঃ ‘পুটিনৰ আমন্ত্ৰণ মৰ্মে মই তেওঁৰ তালৈ নৈশ ভোজনত গৈছিলো। ডাইনিং টেবুলত বহি থকাৰ সময়ত হঠাং মোৰ হাতত খামুচি ধৰিছিল তেওঁ আৰু বহু পৰলৈ মোলৈ নিৰন্তৰ চাই আছিল। মোৰ ভয় লাগিছিল, অসহজ অনুভৱ কৰিছিলোঁ। এতিয়া মই নিশ্চিত হৈছোঁ যে পুটিন দৰাচলতে এগৰাকী হিংস্ৰ মানসিক ৰোগী।’ ৰুছ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনক লৈ এই মন্তব্য কৰিলে ব্ৰাজিলৰ ম’ডেল আৰু মিছ বমবম ছুজি কৰ্টেজে। ২০১৮ৰ বিশ্বকাপৰ সময়ত ৰাছিয়াত উপস্থিত হোৱাৰ সময়ত ব্ৰাজিলৰ ম’ডেলগৰাকীয়ে লগ পাইছিল ৰুছ ৰাষ্ট্ৰপতিক। তেতিয়া পুটিনে বৰকৈ প্ৰশংসা কৰিছিল তেওঁৰ আৰু আমন্ত্ৰণো কৰিছিল। পুটিনক লগ পোৱাৰ পাছত টেক্সি বাদ দি চৰকাৰী বাহনেৰেও ঘুৰা-ফুৰা কৰিছিল ছুজিয়ে। সেই সুবিধাও কৰি দিছিল পুটিনে। তাৰে পাছত আৰু তেওঁ কেতিয়াও লগ পোৱা নাই ৰুছ ৰাষ্ট্ৰপতিক।