নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাকৰ বিৰুদ্ধে পুনৰ কঠোৰ হ’ব ভাৰত

এলএচিত বৃদ্ধি পাব উত্তেজনা

নিয়মীয়া বাৰ্তা, ১০ মাৰ্চঃ পাকিস্তান মদতপুষ্ট সীমান্তৰ সন্ত্রাসবাদৰ মোকাবিলা কৰিবলৈ ভৱিষ্যতে পুনৰ কঠোৰ পদক্ষেপ গ্রহণ কৰিব পাৰে নৰেন্দ্র মোদীৰ ভাৰতে৷ পাক অধিকৃত কাশ্মীৰৰ মাটিত ছার্জিকেল ষ্ট্রাইক বা বালাকূটৰ সন্ত্রাসবাদীৰ শিবিৰত বিমানেৰে বোমাবর্ষণ কৰা ঘটনাৰ পুনৰাবৃত্তিৰ সম্ভাৱনা আছে৷

আমেৰিকাৰ শেহতীয়া এক চোৰাংচোৱা প্রতিবেদনত এই দাবী কৰা হৈছে৷ কাশ্মীৰ উপত্যকাত সন্ত্রাসবাদী গোটসমূহৰ তৎপৰতা বৃদ্ধি নতুন দিল্লী আৰু ইছলামাবাদৰ উত্তেজনাৰ অনুঘটক হ’ব পাৰে বুলিও উল্লেখ কৰা হৈছে এই প্রতিবেদনত৷ স্মর্তব্য যে ২০২০ চনত ফ্রান্সৰ বিয়াৰিৎজে চহৰত জি–৭ গোষ্ঠীৰ শীর্ষ সন্মিলনৰ সময়ত কাশ্মীৰক লৈ উদ্বেগ প্রকাশ কৰিছিল তেতিয়াৰ মার্কিন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ সৈতে বৈঠকত ট্রাম্পে সন্ত্রাসবাদৰ সমান্তৰালকৈ কাশ্মীৰৰ সাধাৰণ জনতাৰ মানৱাধিকাৰ প্রসংগও উত্থাপন কৰিছিল৷

মোদীয়ে এই বৈঠকত ট্রাম্পক স্পষ্টভাৱে জনাই দিছিল যে ভাৰত–পাকিস্তানৰ মাজত যিবোৰ সমস্যা আছে সেয়া ১৯৪৭ চনৰে পৰা চলি আহিছে৷ গতিকে এই সমস্যাবোৰ দ্বিপাক্ষিক৷ ইয়াত তৃতীয় কোনো পক্ষৰ হস্তক্ষেপ ভাৰতে মানি নলয় বুলিও ঘোষণা কৰিছিল প্রধানমন্ত্রীগৰাকীয়্৷ আমেৰিকাৰ ‘অফিচ অৱ ডিৰেক্টৰ অৱ নেচনেল ইণ্টালিজেন্স’ (অ’ডিএনআই)ৰ সদ্যপ্রকাশিত প্রতিবেদনত ভাৰত–চীনৰ প্রকৃত নিয়ন্ত্রণ ৰেখা (এলএচি)ত পুনৰ উত্তেজনা বৃদ্ধি পাব বুলি আশংকা প্রকাশ কৰা হৈছে৷ এছিয়াৰ পৰমাণু শক্তিধৰ দুয়োখন দেশৰ অনির্ধাৰিত সীমান্তত সামৰিক আধিপত্যবাদৰ কাৰণে পুনৰ সংঘর্ষৰ সৃষ্টি হ’ব পাৰে৷ প্রতিবেদনত উল্লেখ কৰা অনুসৰি ভাৰত–চীনৰ মাজৰ এনে সংঘর্ষ আমেৰিকাৰ স্বার্থৰ পৰিপন্থী৷ লাডাখৰ গালৱান উপত্যকাত ২০২০ত সৃষ্টি হোৱা সংঘর্ষ আৰু তাৰ পৰৱর্তী পৰিস্থিতিৰ কথাও উল্লেখ কৰা হৈছে এই প্রতিবেদনত৷ লক্ষণীয়ভাৱে এই প্রতিবেদনত ভৱিষ্যতে টাইৱানত চীনা বাহিনীৰ আগ্রাসনৰ পূর্ণ সম্ভাৱনা থকা বুলি আশংকা প্রকাশ কৰা হৈছে৷

You might also like