নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গৃহ চহৰ মেলব’নত কিংবদন্তি শ্বেন ৱার্নৰ নশ্বৰদেহ

নিয়মীয়া বাৰ্তা, ১১ মাৰ্চঃ সমগ্র ক্রিকেট বিশ্বক হতবাক কৰি যোৱা সপ্তাহত মৃত্যুবৰণ কৰা অষ্ট্রেলিয়াৰ কিংবদন্তি ক্রিকেটাৰ শ্বেন ৱার্নৰ নিথৰ দেহ কঢ়িয়াই নিয়া চার্টার্ড বিমানখন আজি মেলব’নত উপস্থিত হয়৷ হূদৰোগত আক্রান্ত হৈ ৫২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰা একালৰ তাৰকা লেগ স্পীনাৰগৰাকীৰ নশ্বৰদেহ অষ্ট্রেলিয়াৰ ৰাষ্ট্রীয় পতাকাৰে মেৰিয়াই বেংকক বিমানবন্দৰৰ পৰা গৃহচহৰ মেলব’নলৈ অনা হয়৷ মেলব’ন বিমানবন্দৰত ক্রিকেট অষ্ট্রেলিয়া আৰু মেলব’ন প্রশাসনে প্রাক্তন ক্রিকেটাৰগৰাকীৰ নশ্বৰদেহত শ্রদ্ধাঞ্জলি অর্পণ কৰে৷ উল্লেখ্য যে থাইলেণ্ডৰ এটা ভিলাত অৱসৰ বিনোদনত ব্যস্ত থকাৰ সময়তে যোৱা শুকুৰবাৰে ৱার্নৰ মৃত্যু হৈছিল৷ তেওঁৰ আকস্মিক মৃত্যুৱে বিভিন্ন প্রশ্ণৰ অৱতাৰণা কৰিছিল যদিও থাইলেণ্ড চৰকাৰে অনুসন্ধানৰ অন্তত স্পষ্ট কৰে যে প্রাক্তন ক্রিকেটাৰগৰাকীৰ মৃত্যু স্বাভাৱিক আৰু তেওঁ হূদৰোগত আক্রান্ত হৈ মৃত্যুক আঁকোৱালি লয়৷ ইফালে, মেলব’ন প্রশাসনে প্রকাশ কৰা অনুসৰি অহা ৩০ মার্চত মেলব’ন ক্রিকেট গ্রাউণ্ডত প্রায় ১ লাখ অনুৰাগীৰ উপস্থিতিত শ্বেন ৱার্নক ৰাষ্ট্রীয় মর্যাদাৰে শেষ শ্রদ্ধা জনোৱা হ’ব৷ এই অনুষ্ঠানত অষ্ট্রেলিয়াৰ প্রধানমন্ত্রীকে ধৰি বহুতো গণ্য–মান্য ব্যক্তি উপস্থিত থাকিব৷ এই মেলব’ন ক্রিকেট গ্রাউণ্ডতে অষ্ট্রেলিয়াৰ কিংবদন্তি লেগ স্পীনাৰগৰাকীয়ে ২০০৬ত ৭০০ টেষ্ট উইকেট দখল কৰিবলৈ সক্ষম হৈছিল৷ ষ্টেডিয়ামখনৰ এটা ষ্টেণ্ড ৱার্নৰ নামেৰে নামকৰণ কৰা হ’ব বুলি এম চি জি কর্তৃপক্ষই ঘোষণা কৰিছে৷

You might also like