মহন্ত যোগী আদিত্যনাথ। পাঁচ বছৰ আগেয়ে বিপুল সংখ্যাগৰিষ্ঠতা লাভেৰে লক্ষ্নৌৰ মছনদ দখল কৰাৰ পাছত তেওঁ উত্তৰ প্রদেশৰ মুখ্যমন্ত্রী হিচাপে নির্বাচিত হয়। সেয়া ২০১৭ চনৰ কথা। তাৰ পাঁচ বছৰ পাছত ২০২২ৰ শেহতীয়া নিৰ্বাচনত জয়ী হৈ দ্বিতীয়বাৰৰ বাবে উত্তৰ প্রদেশৰ মুখ্যমন্ত্রী হোৱাৰ দিশে আগুৱাইছে যোগীয়ে।
যোগীৰ ৰাজনৈতিক কামকাজ যিমান পৰিপাটি, সিমানেই পৰিপাটি তেওঁৰ দৈনন্দিন জীৱন যাপনো। সুস্থ থাকিবলৈ প্রাত্যাহিক জীৱনত তেওঁ কিছু নিয়ম মানি চলে। খুব কম বয়সতে সংসাৰ ধৰ্ম এৰি যোগী হোৱা এইজন বিজেপি নেতাই খোৱাৰ ক্ষেত্ৰত যথেষ্ট সতৰ্ক আৰু পৰিমিত। হাজাৰ ব্যস্ততাৰ মাজতো নিয়মিত প্রাণায়াম, যোগাসন, ধ্যান কৰে যোগী আদিত্যনাথে। তেওঁ দিনটোত কি খায় জানেনে?
যোগী নিৰামিষভোজী। মাছ, মাংস, কণী কেইবা বছৰ আগেয়ে এৰিছে। প্ৰাতঃ আহাৰত মূলতঃ ফল-মূলেই থাকে। ইয়াৰ বাহিৰে কেতিয়াবা সিদ্ধ বুট বা দালিয়াৰ খিচিৰী খায়। বাহিৰৰ খাদ্য একেবাৰে নোখোৱা যোগীয়ে কামৰ ব্যস্ততাৰ মাজতে দুখন ৰুটিৰে ঘৰৰ তৰকাৰী খাই দুপৰীয়াৰ আহাৰ সামৰে। ৰাতি প্ৰায়ে লঘোনেই থাকে তেওঁ। কেতিয়াবাহে দাইল আৰু ৰুটি খায়। সৰহভাগ সময়ত এটা আপেলেৰেই কাম চলি যায়। তেনেই সীমিত ভোজন কৰা মানুহজনে কিন্তু পানী খাবলৈ নাপাহৰে। পানী তেওঁৰ সংগী। নিৰ্বাচনী সভা আদিলৈ গ’লেও লগত বেগ এটা থাকে, য’ত পানীৰ বটল আৰু দুটা কল থাকিবই।