বাঢ়িছে আদৰ, ভগৱন্ত মানৰ সৈতে কিয় ছেলফি ল’লে থাৰুৰে
বিশেষ বাৰ্তা, ১৪ মাৰ্চঃ ভগৱন্ত মানৰ প্ৰতি আদৰ বাঢ়িছে শশী থাৰুৰৰ। ‘সংসদীয় বন্ধু’ খিতাপ দি মান আৰু আম আদমী পাৰ্টীৰ কাষ চপাৰ চেষ্টা নেকি কংগ্ৰেছী নেতাজনৰ? পাঞ্জাবৰ বিধানসভা নিৰ্বাচনত আম আদমী পাৰ্টীয়ে অভূতপূৰ্ব বিজয় সাব্যস্ত কৰাৰ পাছত ৰাজ্যখনৰ হ’বলগীয়া মুখ্যমন্ত্ৰী ভগৱন্ত মানক প্ৰথমেই অভিনন্দন জনোৱা কংগ্ৰেছী নেতাসকলৰ ভিতৰত এজন হ’ল শশী থাৰুৰ। উল্লেখনীয় যে, পাঞ্জাবত কংগ্ৰেছ চৰকাৰৰ প্ৰথম প্ৰত্য়াহ্বান আছিল আম আদমী পাৰ্টী। কিন্তু এইবাৰ কংগ্ৰেছক শোচনীয় অৱস্থালৈ ঠেলি আপে ৰাজ্যখনত বিশাল জয় সাব্যস্ত কৰে। আপৰ সাংসদ তথা হ’বলগীয়া মুখ্যমন্ত্ৰী মানৰ সৈতে আজি সংসদ ভৱনত ছেলফি উঠি পোষ্ট কৰিলে আগশাৰীৰ কংগ্ৰেছী নেতা থাৰুৰে।