নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পত্নী স্ত্ৰী লিংগৰ নহয়, ন্যায়ালয়ৰ দ্বাৰস্থ স্বামী

বিশেষ বাৰ্তা, ১৪ মাৰ্চঃ তেওঁৰ পত্নী স্ত্ৰী লিংগৰ নহয়। অদ্ভূত শুনিলেও এই অভিযোগেৰে আদালতৰ কাষ চাপিছে এজন লোকে। মধ্যপ্ৰদেশৰ উচ্চ ন্যায়ালয়ৰ পাছত এইবাৰ বিবাহৰ নামত প্ৰতাৰিত হোৱাৰ অভিযোগ লৈ বিবাহ বিচ্ছেদ বিচাৰি মানুহজনে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে। মেডিকেল তথ্য মতেও মানুহজনৰ পত্নীৰ যৌনাংগ আন মহিলাৰ দৰে নহয়। অহা চাৰি সপ্তাহৰ ভিতৰত এই বিষয়ত পত্নীৰ পৰা উত্তৰ বিচাৰিছে দেশৰ শীৰ্ষ ন্যায়ালয়ে। ২০১৬ চনত বিবাহত বহা মানুহজনৰ সৈতে বিভিন্ন অজুহাতেৰে বহু দিনলৈ দৈহিক সম্পৰ্ক স্থাপনৰ পৰা আঁতৰি আছিল পত্নীয়ে। পাছতহে উদ্ধাৰ হ’ল আচল ৰহস্য। তেওঁক ডাক্তৰৰ কাষলৈ নিয়াত পৰীক্ষাৰ অন্তত জনোৱা হ’ল যে সাধাৰণ মহিলাৰ দৰে যৌনাংগ মানুহজনৰ পত্নীৰ নহয়। তেওঁৰ যৌনাংগ চিদ্ৰহীন। খঙত মানুহজনে শহুৰৰ ঘৰৰ মানুহক তেওঁৰ পত্নীক লৈ যাবলৈ কয়। কিন্তু পিতৃগৃহলৈ নি অস্ত্ৰোপচাৰ সম্পন্ন কৰি পুনৰ ভয়-ভাবুকিৰে শহুৰৰ ঘৰৰ মানুহে থৈ যায় পত্নীক। ইয়াতে ক্ষুন্ন হৈ তথা বিবাহৰ নামত প্ৰতাৰিত হোৱাৰ অভিযোগ কৰি আৰক্ষী আৰু আদালতৰ দ্বাৰস্থ হৈছে স্বামী।

You might also like