ৰুছ চেনেলৰ ষ্টুডিঅ’ত ৰাছিয়াৰ আক্ৰমণৰ বিৰোধ
বিশেষ বাৰ্তা, ১৫ মাৰ্চঃ ইউক্ৰেইনৰ বিৰুদ্ধে ৰাছিয়াৰ আক্ৰমণক বিশ্বৰ আন প্ৰান্তৰ লগতে খোদ ৰাছিয়াতো বিৰোধ প্ৰদৰ্শন হৈছে। ৰাছিয়াৰ এটি সংবাদ চেনেলৰ লাইভ বুলেটিনৰ মাজতে এগৰাকী মহিলাই ষ্টুডিঅ’ৰ ভিতৰত প্ৰৱেশ কৰি প্ৰতিবাদ কৰে। মহিলাগৰাকীয়ে no war ৰ পোষ্টাৰ লৈ ষ্টুডিঅ’ৰ ভিতৰত সোমাই বাতৰি পঢ়োঁতাৰ পিছপিনে ঠিয় দিয়ে আৰু শ্লোগান দিয়ে। কিন্তু, মহিলাগৰাকীৰ তেনে কামৰ মাজতো এংকৰগৰাকীয়ে বাতৰি পঢ়ি থাকে। এই ঘটনাই এতিয়া যথেষ্ট চৰ্চাৰ সৃষ্টি কৰিছে।