এছিয়ান গেমছলৈ লাভলীনা বৰগোহাঁই
নিয়মীয়া বাৰ্তা, ১৫ মাৰ্চঃ বিশ্ব বক্সিং চেম্পিয়নশ্বিপৰ পিছত আগন্তুক এছিয়ান গেমছলৈ যোগ্যতা অর্জন কৰিছে অসমৰ তাৰকা মহিলা বক্সাৰ লাভলীনা বৰগোহাঁয়ে৷ হায়দৰাবাদৰ ইন্দিৰা গান্ধী ইনড’ৰ ষ্টেডিয়ামত অনুষ্ঠিত বাছনি শিবিৰত তেওঁ ৰে’লৱেৰ প্রতিদ্বন্দ্বীক হৰুৱাই এছিয়ান গেমছলৈ যোগ্যতা লাভ কৰিবলৈ সক্ষম হৈছে৷ তেওঁ ৬৯ কেজি ইভেণ্টত দেশক প্রতিনিধিত্ব কৰিব৷
ইফালে, প্রাক্তন জুনিয়ৰ বিশ্ব চেম্পিয়ন নিখাট জাৰিনেও এছিয়ান গেমছলৈ যোগ্যতা অর্জন কৰিছে৷ তেওঁ বাছনি শিবিৰত মঞ্জু ৰাণীক পৰাস্ত কৰে৷ ইয়াৰ পূর্বে জাৰিনে অসম কন্যা লাভলীনাৰ সৈতে বিশ্ব বক্সিং চেম্পিয়নশ্বিপলৈ যোগ্যতা অর্জন কৰিছিল৷ উল্লেখ্য যে দেশৰ দ্বিতীয়গৰাকী মহিলা বক্সাৰ হিচাপে অলিম্পিকত পদক জয়েৰে ইতিহাস ৰচা লাভলীনাই মে’ত বিশ্ব বক্সিং চেম্পিয়নশ্বিপ আৰু ছেপ্টেম্বৰত এছিয়ান গেমছ খেলিব৷