নিয়মীয়া বাৰ্তা, ১৫ মাৰ্চঃ শিখ ধর্মাৱলম্বী লোকসকলে বিমানবন্দৰ, আনকি বিমানত যাতায়াত কৰাৰ সময়ত এতিয়াৰে পৰা লগত ৰাখিব পাৰিব কৃপাণ৷ স্মর্তব্য যে শিখসকলে বিমান যাত্রাৰ সময়ত কৃপাণ লগত নিব পৰা নাছিল৷ শেহতীয়াকৈ শিৰোমণি গুৰুদ্বাৰৰ বিষয়ববীয়া হৰজিন্দৰ সিং ধামিয়ে অসামৰিক বিমান পৰিবহণমন্ত্রী জ্যোতিৰাদিত্য সিন্ধিয়ালৈ এক পত্র লিখাৰ পিছতে এই সন্দর্ভত পুৰণি নীতি সলনি কৰে কেন্দ্রীয় চৰকাৰে৷ অৱশ্যে কৃপাণ লগত ৰাখিলেও বিমানবন্দৰত বা বিমান যাত্রাত শিখ ধর্মাৱলম্বীৰ কৃপাণৰ দৈর্ঘ্য ৯ ইঞ্চিৰ বেছি হ’ব নোৱাৰিব৷