আপোচৰ বাবে সাজু জেলেনস্কি! নাটোৰ সদস্য নহয় ইউক্ৰেইন
বিশেষ বাৰ্তা, ১৬ মাৰ্চঃ ইউক্রেইনে আমেৰিকাৰ নেতৃত্বাধীন নাটোৰ সদস্য নহয়। এই কথা দেশবাসীয়ে মানি লোৱা উচিত। ৰাছিয়াৰ আক্রমণৰ ২০ দিনৰ দিনা জাতিক উদ্দেশ্যি দিয়া ভিডিঅ’ বাৰ্তাত তাৎপর্যপূর্ণ মন্তব্য কৰিলে ইউক্রেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিয়ে। তেন্তে কি ক্রমশঃ আপোচ কৰিবলৈ আগুৱাইছে ইউক্রেইন? জেলেনস্কিৰ এই ঘোষণাৰ পাছৰে পৰা প্রশ্ন উঠিছে বিভিন্ন মহলত। ৰুছ সেনাই যিমানে কিয়েভৰ কাষ চাপিছে তাৎপর্যপূর্ণভাৱে সুৰ সলনি হ’বলৈ লৈছে জেলেনস্কিৰ। কূটনৈতিক বিশেষজ্ঞসকলৰ মতে,মূলতঃ নাটো-ইউক্রেইনৰ সম্পর্কৰ পৰাই ইউক্রেইনত ৰাছিয়াৰ আগ্রাসন আৰম্ভ হয়। মস্কোৰ দীর্ঘ দিনৰ অভিযোগ যে, আমেৰিকা তথা নাটো দেশসমূহে ৰাছিয়াক ভৌগোলিকভাৱে ঘেৰি ধৰাৰ চেষ্টা কৰিছে।