নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কমলা হৰিচক ‘ফাৰ্ষ্ট লেডী’ বুলি কিয় ক’লে বাইডেনে

বিশেষ বাৰ্তা, ১৭ মাৰ্চঃ কথা কওঁতে কাৰনো ভুল নহয়! তেওঁ যিমানে ডাঙৰ মানুহ নহওঁক কিয় কেতিয়াবা মুখ পিছলেই। এইবাৰ ভুল কৰিলে মাৰ্কিন ৰাষ্ট্ৰপতি জো বাইডেনে। ভুলতে উপ-ৰাষ্ট্ৰপতি কমলা হৰিচক ‘ফাৰ্ষ্ট লেডী’ বুলি সম্বোধন কৰিলে বাইডেনে। মঙলবাৰে হোৱাইট হাউছত ‘ইকুয়েল পে ডে’ অনুষ্ঠানত বক্তৃতা দিবলৈ গৈ মুখ পিছলি কমলাক ‘ফাৰ্ষ্ট লেডী’ বুলি কয় তেওঁ। স্বামী ডগ এমহফ ক’ভিডত আক্রান্ত হোৱা বাবে অনুষ্ঠানত উপস্থিত নাছিল কমলা। সেই কথা জনাবলৈ গৈয়ে এই ঘটনা ঘটে বাইডেনৰ সৈতে। ৰাষ্ট্ৰপতিৰ এই কথা শুনি অস্বস্তিত পৰে আয়োজক আৰু দর্শকসকল। ভিডিঅ’ত দেখা যায়, ইয়াৰ পাছত দর্শকৰ আসনৰ পৰা এজন ব্যক্তিয়ে উঠি ৰাষ্ট্ৰপতিক ভুলটো দেখুৱাই দিয়ে আৰু হাঁহিৰ ৰোল উঠে। ইপিনে, সেই সময়ত মঞ্চত উপস্থিত আছিল আমেৰিকাৰ ফাৰ্ষ্ট লেডী তথা জো বাইডেনৰ পত্নী জিল বাইডেন। তাৰ পাছত নিজে উঠি ভুল স্বীকাৰ কৰি মুখ পিছলা ৰোগ বুলি ধেমালি কৰে বাইডেনে।

You might also like