নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চিনেমা বনাম ৰাজনীতি! প্ৰধানমন্ত্ৰীৰ পাছত গৃহমন্ত্ৰীৰ মুখত কাশ্মীৰ ফাইলছৰ বন্দনা

বিশেষ বাৰ্তা, ১৭ মাৰ্চঃ এখন চিনেমাক লৈ এতিয়া উত্তপ্ত দেশৰ ৰাজনীতি। দেশৰ প্ৰধানমন্ত্ৰীৰ পাছত এইবাৰ গৃহমন্ত্ৰী অমিত শ্বাহে দ্য কাশ্মীৰ ফাইলছৰ প্ৰশংসাত পঞ্চমুখ হৈছে। কালি চিনেমাখনৰ নিৰ্মাতা-অভিনেতাসকলক লগ দিলে গৃহমন্ত্ৰীয়ে। টুইটাৰত নিজেই চিনেমাখনৰ টামৰ সৈতে ফটো পোষ্ট কৰি তেওঁ লিখিছে- সত্যৰ শক্তিশালী উপস্থাপন কৰা হৈছে ছবিখনৰ জৰিয়তে। নিজৰ দেশতে গৃহহাৰা হোৱা কাশ্মিৰী পণ্ডিতসকলৰ অসহ্য যন্ত্ৰণা, ত্যাগক খুব সাৱলীলভাৱে দাঙি ধৰা হৈছে। চিনেমাখনে সমাজখনক জাগ্ৰত কৰিব। ইপিনে, জম্মু-কাশ্মীৰৰ বিৰোধী নেতা ফাৰুক আব্দুল্লাকে ধৰি বহু বিৰোধীয়ে চিনেমাখনৰ সমালোচনা কৰিছে আৰু একপক্ষীয় উপস্থাপন বুলি কৈছে।

You might also like