নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লক্ষ্য মমতাৰ দূৰ্গঃ কলকাতাত ভাল দলীয় ঠিকনা তৈয়াৰৰ তৎপৰতা

বিশেষ বাৰ্তা, ১৭ মাৰ্চঃ দিল্লীৰ পাছত পাঞ্জাব দখল। এইবাৰ পশ্চিমবংগত ভূমি বিচৰাত লাগিছে আম আদমী পার্টী (আপ)। যথেষ্ট সমর্থক থাকিলেও ইমান দিনে ৰাজ্যখনত সাংগঠনিক ভেটি সৱল নাছিল আপৰ। নাছিল কোনো ভাল কাৰ্যালয়। কলকাতাত এটা ঠিকনা থাকিলেও এতিয়া তাত ভৰসা কৰিব বিচৰা নাই আপ নেতৃত্বই। দলীয় সূত্রৰ পৰা জানিব পৰা গৈছে যে তৃণমূলৰ ভেটিত সমর্থক আৰু সাংগঠনিক ভেটি সৱল কৰিবলৈ কলকাতাত এটা কাৰ্যালয় বনাবলৈ ভাৰপ্রাপ্ত নেতাসকলক নির্দেশ দিছে দিল্লীৰ নেতাই। সেই নির্দেশ পোৱাৰ পাছতেই মধ্য কলকাতাত দফতৰ সাজিবলৈ ঘৰ ভাড়া কৰাৰ তৎপৰতা আৰম্ভ হৈছে। খুব সংগোপনে চলিছে এই কাম। মুখপাত্রসকলকো মুখ খুলিবলৈ বাধা কৰা হৈছে। ৰাজ্যিক পৰ্যায়ৰ কমিটী গঠন হ’লে সকলো মুকলি কৰা হ’ব। ইতিমধ্যে আপৰ মহিলা শাখাৰ ষ্টিয়াৰিং কমিটী গঠন হৈছে। অৰবিন্দ কেজৰিৱালে আম আদমী পার্টী গঠনৰ সময়তেই পশ্চিমবংগত দলৰ কাম-কাজ আৰম্ভ হৈছিল। পাঞ্জাবত আপ ক্ষমতালৈ অহাৰ পাছতেই পশ্চিমবংগৰ ভিন্ন প্রান্তত আৰম্ভ হৈছে আপৰ সমর্থকৰ তৎপৰতা।

You might also like