শচীনৰ পাছত ৰাজ্যসভাত ভৰি থ’ব হৰভজনে!
বিশেষ বাৰ্তা, ১৭ মাৰ্চঃ ক্রিকেটক বিদায় জনাইছে। এইবাৰ আন ভূমিকাত দেখা যাব হৰভজন সিঙক। সকলো ঠিকে থাকিলে আম আদমী পার্টীৰ মনোনীত সদস্য হৈ ৰাজ্যসভালৈ যাব হৰভজন। শচীন তেণ্ডুলকাৰৰ পথ অনুসৰণ কৰি চলিব তেওঁ। অৱশ্যে আপৰ তৰফৰ পৰা চৰকাৰীভাৱে এতিয়াও ঘোষণা কৰা হোৱা নাই এই কথা। পাঞ্জাবত এতিয়া ক্ষমতালৈ আহিছে আপ। বুধবাৰে মুখ্যমন্ত্রী হিচাপে শপতগ্ৰহণ কৰিছে ভগৱন্ত মানে। তাৰ পাছতেই এই সিদ্ধান্ত লোৱা হৈছে। ৰাজ্যসভাত পাঁচ জন সদস্যক মনোনীত কৰিব পাৰিব আপে। তাৰ মাজৰ এজন হ’বলৈ ওলাইছে প্রাক্তন ভাৰতীয় স্পীনাৰ। হৰভজনৰ ঘনিষ্ঠ সূত্রই সংবাদ মাধ্যমক জনোৱা মতে মুখ্যমন্ত্রীসহ আপৰ শীর্ষ নেতৃত্বই ৰাজ্যসভালৈ হৰভজনক মনোনীত সদস্য হিচাপে পঠিয়াব বিচাৰিছে। নতুন মুখ্যমন্ত্রীয়ে বিচাৰে যে হৰভজনৰ নেতৃত্বত ৰাজ্যৰ ক্রীড়াৰ মান উন্নত হওঁক।