ৰংগ বৰছে, ভীগে ছুনৰৱালী… বিগ-বি পৰিয়ালত কেনে আয়োজন
বিশেষ বাৰ্তা, ১৯ মাৰ্চঃ ৰংগ বৰছে, ভীগে ছুনৰৱালী… অমিতাভ বচ্চন আৰু জয়া বচ্চন অভিনীত ‘চিলচিলা’ ছবিখনৰ অতি জনপ্ৰিয় গীতটোৰে এতিয়াও মানুহে হোলীৰ আনন্দ উদযাপন কৰে। বলীউডৰ আগশাৰীৰ পৰিয়ালটোৱে এইবেলি তেনেই চমুকৈ ফাকুৱা উদযাপন কৰিলে। হোলিকা দাহনৰ নিশা পত্নী জয়া বচ্চনক ফাকুৱাৰ ফোঁট দি বিগ-বিয়ে পোষ্ট কৰিলে ইনষ্টাগ্ৰামত। লগতে তেওঁৰ অনুৰাগীক জনালে হোলীৰ শুভেচ্ছা। ফটোত অমিতাভ-জয়াৰ উপৰিও নাতিনীয়েক নব্যা নবেলীকো দেখা যায়। এইখিনিতে জনাই থওঁ যে এইবাৰ ফাকুৱাৰ বন্ধ উপভোগ কৰিবলৈ বাহিৰলৈ গৈছে কণিষ্ঠ বচ্চন অভিশেখ, ঐশ্বৰ্য ৰায় বচ্চন আৰু নাতিনী আৰাধ্যা।