নিয়মীয়া বাৰ্তা, ২৩ জানুৱাৰীঃভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰোৰ অধ্যক্ষ কে শিৱানে বুধবাৰে ঘোষণা কৰে যে চন্দ্রযান–৩ অভিযানৰ কাম আৰম্ভ হৈছে আৰু ই তীব্রগতিত আগবাঢ়িছে৷
কে শিৱানে আৰু জানিবলৈ দিয়ে যে চন্দ্রযান–৩ ২০২০ চনত উৎক্ষেপণৰ বাবে সাজু৷ অৱশ্যে তেওঁ চন্দ্রলৈ মানৱ প্রেৰণৰ বাবে ভাৰতে অধিক সময় লোৱাৰ সম্ভাৱনা থকাৰ কথাও স্বীকাৰ কৰে৷
ইছৰোৰ প্রধান শিৱানে গগনযান অভিযানৰ বিষয়েও মন্তব্য কৰে৷ তেওঁ জনায় যে এই অভিযানৰ বাবে নির্বাচিত মহাকাশচাৰীক ৰাছিয়াত প্রশিক্ষণৰ বাবে প্রেৰণ কৰিব৷
উল্লেখ্য যে ১৯৮৪ চনত ৰাকেশ শর্মাই ভাৰতৰ হৈ প্রথমবাৰৰ বাবে মহাকাশলৈ যাত্রা কৰিছিল যদিও সেয়া আছিল ৰাছিয়াৰ অভিযান৷ শিৱানে কয় যে গগনযান অভিযানে ভাৰতলৈ ঐতিহাসিক সফলতা কঢ়িয়াই আনিব৷ কাৰণ এই অভিযানত মহাকাশলৈ মহাকাশচাৰীক প্রেৰণ কৰিব সম্পূর্ণ দেশীয় প্রযুক্তিৰ অভিযানেৰে৷