সবাতোকৈ সুখী মানুহবোৰ ক’ত থাকে জানেনে,আৰু ভাৰত…
বিশেষ বাৰ্তা, ১৯ মাৰ্চঃ বিশ্বৰ সবাতোকৈ সুখী দেশ কোনখন জানেনে? যোৱা ৫ বছৰ ধৰি সবাতোকৈ সুখী মানুহৰ দেশ হিচাপে খিতাপ অৰ্জন কৰি অহা দেশখন হৈছে ফিনলেণ্ড। আনহাতে, আটাইতকৈ অসুখী দেশখন হৈছে সন্ত্ৰাসজৰ্জৰ আফগানিস্তান। ইয়াৰ পাছতে লেবানন। ৰাষ্ট্ৰসংঘৰ উদ্য়োগত কৰা এক সমীক্ষা World Happiness Report ৰ তথ্যত এই কথা সদৰি হৈছে। একেৰাহে ৫ বছৰ ধৰি আটাইতকৈ সুখী দেশ হিচাপে এই তালিকাত শীৰ্ষ স্থান দখল কৰি আহিছে ফিনলেণ্ডে। শীৰ্ষ ২০ খন দেশৰ ভিতৰত আছে ডেনমাৰ্ক, আইলেণ্ড, ছুইজাৰলেণ্ড, নিউজিলেণ্ড, অষ্ট্ৰেলিয়া, জাৰ্মানী, কানাডা আদি। আনহাতে, ১৪৬খন দেশক লৈ কৰা এই সমীক্ষাত আমাৰ ভাৰতৰ স্থান ১৩৬ত। এতিয়াও তালিকাৰ তলৰ পিনেই থাকিল ভাৰত।