নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পি বি এলত অভিষেক অসম কন্যা অস্মিতাৰ

নিয়মীয়া বাৰ্তা, ২৩ জানুৱাৰীঃ নর্থ ইষ্টার্ন ৱাৰিয়র্ছ দলে চলিত পঞ্চম প্রিমিয়াৰ বেডমিণ্টন লীগত জয়েৰে অভিযান আৰম্ভ কৰিছে৷ চেন্নাইৰ জৱাহৰলাল নেহৰু ইনড’ৰ ষ্টেডিয়ামত খেলা প্রথমখন মেচত দলটোৱে ৪–৩ৰ ব্যৱধানত পৰাস্ত কৰে ডিফেণ্ডিং চেম্পিয়ন বাংগালুৰু ৰেপ্ঢর্ছক৷

উল্লেখ্য যে এই মেচতেই পি বি এলত অভিষেক ঘটায় অসম কন্যা তথা দেশৰ প্রতিভাৱান শ্বাটলাৰ অস্মিতা চলিহাই৷ মহিলাৰ একক শাখাৰ মেচত বিশ্ব ৰেংকিঙৰ দ্বিতীয় স্থানৰ খেলুৱৈ চাইনীজ টাইপেইৰ টাই ঝুৰ বিপক্ষে ১৫–৭, ১৫–৫ত পৰাস্ত হয় অস্মিতা৷ তথাপি দলৰ জয় আৰু পি বি এলত অভিষেক ঘটাই আনন্দিত অস্মিতাই কয়– প্রথমবাৰৰ বাবে পি বি এলত খেলাক লৈ মই উৎকণ্ঠাৰ মাজত আছিলোঁ৷ যোৱানিশা মোৰ সপোন পূর্ণ হ’ল৷ এয়া মোৰ বাবে গৌৰৱ৷ ক’টত নামি সন্মুখত টাই ঝুক দেখি স্বাভাৱিকতে চাপৰ সন্মুখীন হওঁ৷ অৱশ্যে ভয় কৰা নাছিলোঁ৷ দলৰ বিজয়ে নিজৰ ব্যর্থতাৰ পিছতো সুখ দিছে৷ উল্লেখ্য যে নর্থ ইষ্টার্ন ৱাৰিয়র্ছে কাইলৈ আৱাধে ৱাৰিয়র্ছৰে খেলিব৷

You might also like