নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইউক্ৰেইনৰ যুদ্ধৰ প্ৰভাৱ ৰাছিয়াৰ বিছনাত! বাঢ়িছে কণ্ডমৰ চাহিদা

বিশেষ বাৰ্তা, ২২ মাৰ্চঃ যুদ্ধ চলিছে ইউক্রেইনত। যাৰ বাবে বিভিন্ন দেশত অত্যাৱশ্যকীয় সামগ্ৰীৰ নাটনি হ’ব পাৰে বুলি চিন্তা হৈছে। কিন্তু ৰাছিয়াত তাৰ সমান্তৰাল প্রভাৱ পৰিছে বিছনাতহে! ইউক্রেইনৰ যুদ্ধৰ মাজতে পুটিনৰ দেশত কণ্ডমৰ হাহাকাৰ হৈছে। যিকোনো সময়তে সৰবৰাহ বন্ধ হ’ব পাৰে এই আশংকাত ৰুছ জনতাই কণ্ডমৰ দোকানত শাৰী পাতিছে। চলিত মাহত ৰাছিয়াত কণ্ডমৰ বিক্রী বাঢ়িছে প্রায় ২০০ শতাংশ। অনলাইন প্ৰতিষ্ঠান আৰু মেডিকেল কোম্পানীৰ তথ্যত এই কথা সদৰি হৈছে। ইউক্রেইনত ৰাছিয়াৰ আক্ৰমণৰ পৰিপ্রেক্ষিত আমেৰিকা আৰু পশ্চিমীয়া বিভিন্ন দেশে ৰাছিয়াৰ বিৰুদ্ধে বিভিন্ন নিষেধাজ্ঞা জাৰি কৰিছে। পতন হৈছে ৰাছিয়াৰ মুদ্রা ৰুবলৰ দাম। এনে অৱস্থাত কণ্ডমক লৈ মস্কোৰ আকাশত ক’লা মেঘৰ আশংকা। বহু বেছিকৈ দাম বাঢ়িব পাৰে, এই আশংকাতে সাধাৰণ জনতাই ঔষধ তথা যৌন সামগ্রী বিক্রীৰ দোকানত কণ্ডম সংগ্রহ কৰিবলৈ শাৰী পাতিছে। পৰিস্থিতি এনে হৈছে যে মুখ খুলিবলৈ বাধ্য হৈছে পুটিনৰ বাণিজ্য মন্ত্রালয়ে।কণ্ডমৰ চাহিদা এনেকৈ বাঢ়িব বুলি তেওঁলোকে ভাবিবই পৰা নাছিল। মন্ত্রালয়ে লগতে জনাইছে যে বিশ্বৰ অন্যতম কণ্ডম উৎপাদক দেশ যেনে থাইলেণ্ড, ভাৰত, দক্ষিণ কোৰিয়া আৰু চীন আদিয়ে আগৰ দৰেই ৰাছিয়ালৈ কণ্ডম সৰবৰাহ কৰি আছে।

You might also like