সমুদ্ৰত সাঁতোৰৰ নতুন অভিলেখ বিশেষভাৱে সক্ষম কিশোৰীৰ
বিশেষ বাৰ্তা, ২২ মাৰ্চঃ ভাৰত-শ্রীলংকাৰ মাজৰ মুকলি জলৰাশিত সাঁতুৰি নতুন নজিৰ স্থাপন কৰিলে ভাৰতৰ পেৰা সাঁতোৰবিদ জিয়া ৰায়ে। শ্রীলংকাৰ থালাইমান্নাৰ পৰা ভাৰতৰ ধনুষকোডীৰ আৰিচলমুনাইলৈ ২৯ কিলোমিটাৰ জলৰাশি সাঁতুৰি পাৰ হ’ল ১৩ ঘণ্টা ১০ মিনিটত। জিয়াৰ কৃতিত্ব আৰু বেছি বিশেষ, কাৰণ তেওঁ অটিজমত আক্রান্ত কিশোৰী। শাৰীৰিক সমস্যাৰ বাবেই চিকিৎসকৰ পৰামৰ্শত দুবছৰ বয়সৰ পৰাই জিয়াক সাঁতোৰত ভর্তি কৰোৱায় মাক-দেউতাকে। তাৰে পৰাই আৰম্ভণি।
Thread: Jiya Rai, a 13-yr old, special child (autism) swam 29kms across Palk Strait that connects #india and #SriLanka in 13hrs 10mins
Successfully swam at sea from Talaimannar, SL to Dhanushkodi, TN, a stretch where wind & sea conditions change rapidly #Paralympics #Swimming pic.twitter.com/X7giqbf7z7
— Sidharth.M.P (@sdhrthmp) March 21, 2022
বিশেষভাৱে সক্ষম কিশোৰী হিচাপে আন এটি বিশ্ব অভিলেখ গঢ়িছে জিয়াই। মুকলি জলৰাশিত ১৪ কিলোমিটাৰ প্রতি ঘণ্টা বেগত সাঁতুৰি এই ৰেকর্ড কৰিছিল নৌ সেনা কর্মী মদন ৰায়ৰ কন্যাই। তেওঁ এলিফেণ্টা দ্বীপৰ পৰা গেটৱে অৱ ইণ্ডিয়ালৈ সাঁতুৰিছিল ৩ ঘণ্টা ২৭ মিনিট ৩০ ছেকেণ্ডত আৰু ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছ, এছিয়া বুক অৱ ৰেকৰ্ডছ, লিমকা বুক অৱ ৰেকৰ্ডছত নিজৰ নাম অন্তৰ্ভূক্ত কৰিবলৈ সক্ষম হৈছিল। ১৩ বছৰীয়া জিয়া মুম্বাইৰ নৌসেনা বাহিনীৰ স্কুলৰ ছাত্রী। চলিত বছৰতেই তেওঁ প্রধানমন্ত্রী ৰাষ্ট্রীয় বাল পুৰস্কাৰ ২০২২ লাভ কৰিছে।