নিৰ্বাকৰ বিশ্ব মুকাভিনয় দিৱস উদযাপন
নিয়মীয়া বাৰ্তা, ২২ মাৰ্চঃ মুকাভিনয় দিৱসৰ উপলক্ষে মহানগৰীৰ বিষ্ণু নিৰ্মলা ভৱনত উন্মোচন কৰা হয় মাইম জাৰ্নেল নিৰ্বাকৰ দ্বিতীয় সংখ্যা । নিৰ্বাক হ’ল ভাৰতবৰ্ষৰ পৰা প্ৰকাশিত প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় মাইম জাৰ্নেল।
মুকাভিনয় শিল্পী মিনাংক ডেকাৰ সম্পাদনাত আৰু প্রতীতি কাত্যায়নৰ সহ: সম্পাদনাত প্ৰকাশ পোৱা জাৰ্নেলখন প্ৰতি বছৰে বিশ্ব মুকাভিনয় দিৱসত প্ৰকাশ কৰা হয়। এই জাৰ্নেলখনত জাৰ্মানী, ফ্ৰান্স, আমেৰিকা, কানাডা ইত্যাদি বিভিন্ন দেশৰ মূকাভিনয় শিল্পীসকলৰ প্ৰবন্ধ প্ৰকাশ পাইছে।
আজি নিৰ্বাকৰ উন্মোচনী অনুষ্ঠানত উপস্থিত থাকে বিশিষ্ট নাট্যকাৰ দুলাল ৰয়, মানবেন্দ্ৰ ৰংহাং চৌধুৰী, ৰবিজিতা গগৈ, অধিবক্তা/সাংবাদিক দীপক শৰ্মা আৰু অভিনেতা অৰ্ঘ্যদীপ বৰুৱা। ইপিনে অনুষ্ঠানটোৰ আঁত ধৰে অভিনেতা জগদীশ ডেকাই।