নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘দ্য কাশ্মীৰ ফাইলছ’ক লৈ মুখ খুলিলে ফাৰুক আব্দুল্লাই

নিয়মীয়া বাৰ্তা, ২৩ মাৰ্চঃ জম্মু আৰু কাশ্মীৰৰ পৰা ১৯৯০ চনত কাশ্মীৰী পণ্ডিতক বিতাড়িত কৰাত জড়িতৰ অভিযোগক লৈ অৱশেষত মুখ খুলিলে জম্মু–কাশ্মীৰৰ প্রাক্তন মুখ্যমন্ত্রী তথা নেচনেল কনফাৰেন্সৰ মুৰব্বী ফাৰুক আব্দুল্লাই৷ প্রখ্যাত চলচ্চিত্র নির্মাতা বিবেক অগ্ণিহোত্রী পৰিচালিত কাশ্মীৰী পণ্ডিতক বিতাড়নৰ আধাৰত নির্মিত ‘দ্য কাশ্মীৰ ফাইলছ’ সন্দর্ভত প্রাক্তন মুখ্যমন্ত্রী ফাৰুক আব্দুলাই কয় যে বিজেপি নেতৃত্বাধীন কেন্দ্রীয় চৰকাৰে সত্যৰ সন্ধানত এখন আয়োগ গঠন কৰা উচিত৷

শ্রীনগৰৰ সাংসদ ফাৰুক আব্দুলাক সাংবাদিকে ছবিখনক লৈ চর্চিত বিতর্ক সন্দর্ভত সোধা প্রশ্নৰ উত্তৰত তেওঁ কয়– মই ভাবোঁ বিজেপি নেতৃত্বাধীন চৰকাৰে এখন আয়োগ গঠন কৰা উচিত আৰু আয়োগে ক’ব কোন জগৰীয়া– আপুনিও সত্য জানিব বিচাৰে, আপুনি এখন আয়োগ গঠন কৰক৷ বিজেপিৰ আই টি চেলৰ মুৰব্বী অমিত মালবিয়াই ১৯৮৯ চনৰ ১ নৱেম্বৰত তদানীন্তন মুখ্যমন্ত্রী ফাৰুক আব্দুল্লাই বিতাড়কৰ বাবে জম্মু আৰু কাশ্মীৰ প্রব্রজনকাৰী অস্থাৱৰ সম্পত্তি আইন বিধানসভাত উত্থাপন কৰাৰ তথ্যসহ দাঙি ধৰি প্রাক্তন মুখ্যমন্ত্রীগৰাকীক কাশ্মীৰী পণ্ডিত বিতাড়নৰ বাবে জগৰীয়া কৰি মন্তব্য আগবঢ়াইছিল৷ এই মন্তব্যৰ বিৰোধিতা কৰি জম্মু–কাশ্মীৰৰ প্রাক্তন মুখ্যমন্ত্রী ওমৰ আব্দুল্লাই তেওঁৰ পিতৃ তথা প্রাক্তন মুখ্যমন্ত্রী ফাৰুক আব্দুল্লা কাশ্মীৰী পণ্ডিতৰ বাবে জগৰীয়া নহয় বুলি সমালোচনা কৰাৰ পিছৰে পৰা বিষয়টোক লৈ তীব্র বিতর্ক চলি আছে৷

You might also like