নিয়মীয়া বাৰ্তা, ২৩ জানুৱাৰীঃ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত পুনৰ সক্রিয় হৈ পৰিছে তেজৰ দালাল চক্র৷ কালি নিশা জিএমচিএইচত চিকিৎসাধীন এগৰাকী ৰোগীৰ আত্মীয়ক ধনৰ বিনিময়ত তেজ যোগান ধৰিব বিচৰা দুজন দালালক জিএমচিএইচ কর্তৃপক্ষই আৰক্ষীক গতাই দিয়ে ৷ ধৃত তেজৰ দালাল দুজন ক্রমে বাইহাটা চাৰিআলিৰ আগডলা বণিয়া চুপা গাঁৱৰ কৰণ বণিয়া (২১) আৰু মহানগৰীৰ ফটাশিল আমবাৰীৰ ইনন্দীপ মণ্ডল (২০)৷
আৰক্ষী সূত্রে জানিব পৰা মতে, ধৃত তেজৰ দালাল দুজনে এগৰাকী ৰোগীৰ আত্মীয়ক তেজ দিয়াৰ বিনিময়ত মোটা অংকৰ ধন বিচাৰিছিল ৷ ঘটনাৰ উমান পাই জিএমচিএইচৰ ব্লাড বেংকৰ চিকিৎসক ডাঃ ৰঞ্জনা ডেকাই নিৰাপত্তাৰক্ষীৰ সহযোগত দালাল দুজনক কৌশলেৰে কৰায়ত্ত কৰি ভঙাগড় আৰক্ষীক গতাই দিয়ে৷ ঘটনা সন্দর্ভত চিকিৎসকগৰাকীয়ে এজাহাৰ দাখিল কৰাত আৰক্ষীয়ে ৩৪/২০ নম্বৰত এটা গোচৰ ৰুজু কৰি বুধবাৰে দালাল দুজনক আদালতত হাজিৰ কৰোৱাত কামৰূপ (ম) জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে জে’ল–হাজোতলৈ প্রেৰণ কৰে ৷ উল্লেখ্য যে ধৃত তেজৰ দালাল দুজনে দীর্ঘদিন ধৰি জিএমচিএইচত চিকিৎসাধীন একাংশ ৰোগী আৰু ৰোগীৰ আত্মীয়ক ঔষধ যোগান আৰু অন্যান্য সুবিধা দিয়াৰ প্রলোভনেৰে প্রতাৰণা কৰি আহিছিল ৷