যোগী চৰকাৰৰ একমাত্ৰ মুছলিম মন্ত্ৰীজন
বিশেষ বাৰ্তা, ২৬ মাৰ্চঃ মুখ্যমন্ত্রী হিচাপে উত্তৰ প্রদেশত দ্বিতীয় ইনিংছ আৰম্ভ কৰিলে যোগী আদিত্যনাথে। যোগীৰ চৰকাৰে অহা ২০২৪ চনৰ লোকসভা নির্বাচনলৈ ধ্যান ৰাখি জাতপাতৰ সমীকৰণেৰে মন্ত্রীসভা সজোৱাৰ চেষ্টা কৰিছে এইবাৰ। বিভিন্ন জাতি আৰু সম্প্রদায়ৰ জনপ্ৰতিনিধিক অন্তর্ভুক্ত কৰাৰ অংশ হিচাপে যোগী চৰকাৰৰ ৫২জনীয়া মন্ত্ৰীসভাত কেনেবাকৈ সোমাইছে এজন মুছলিম মন্ত্রীও। শুকুৰবাৰে ৰাজ্যৰ মন্ত্রী হিচাপে শপত লৈছে দানিশ আজাদ আনছাৰীয়ে। যোৱাবাৰ যোগী চৰকাৰৰ একমাত্র মুছলিম মুখ আছিল মহছিন ৰাজা। এইবাৰ তেওঁ বাদ পৰিছে। দানিশে জনোৱা মতে পুৱা মুখ্যমন্ত্রীৰ বাসভৱনৰ পৰা ফোন পাই অবাক হৈছিল তেওঁ।৩৩ বছৰীয়া দানিশে বিজেপিৰ সংখ্যালঘু মর্চাৰ (উত্তৰপ্রদেশ)ৰ ৰাজ্যিক সাধাৰণ সম্পাদক হিচাপে দায়িত্ব পালন কৰিছে। ২০১৭ চনত উত্তৰপ্রদেশ চৰকাৰৰ উর্দু ভাষা কমিটিৰ সদস্য কৰা হৈছিল তেওঁক।