নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চৰাইদেউত উপায়ুক্তৰ দ্বাৰা আটমাৰ উদ্যোগত দুদিনীয়া কাৰ্যসূচীৰে আয়োজিত কৃষক মেলাৰ শুভ উদ্বোধন

নিময়ীয়া বাৰ্তা, ২৮ মাৰ্চ: চৰাইদেউ জিলা প্ৰশাসনৰ সৌজন্যত জিলা কৃষি বিভাগৰ কৃষি প্ৰযুক্তি ব্যৱস্থাপনা সংস্থা (আটমা) -ৰ উদ্যোগত চফ্ৰাই বাগান খেলপথাৰত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা কৃষক মেলাৰ আনুষ্ঠানিক ভাৱে শুভ উদ্বোধন কৰে উপায়ুক্ত পল বৰুৱাই। উদ্বোধনী ভাষণত উপায়ুক্ত গৰাকীয়ে এই কৃষক মেলাৰ মাধ্যমেৰে জিলাখনৰ কৃষিজীৱী ৰাইজে নিজৰ উৎপাদিত উন্নতমানৰ কৃষি সামগ্ৰীৰ প্ৰদৰ্শনৰ লগতে কৃষি যান্ত্ৰিকীকৰণৰ বিভিন্ন সা- সঁজুলিৰ প্রদর্শন আৰু বিক্ৰীৰ এক সুন্দৰ সুযোগ লাভ কৰিবলৈ সক্ষম হ’ব বুলি আশা প্ৰকাশ কৰে। লগতে কৃষক সকলে এই মেলাৰ মাধ্যমেৰে বিভিন্ন কৃষি বিজ্ঞানী, বিষয়-বস্তু বিশেষজ্ঞৰ সৈতে মত-বিনিময় কৰাৰ লগতে বিভিন্ন কৃষি তথা কৃষি পদ্ধতি সম্পৰ্কীয় জ্ঞান আহৰণৰ এক উৰ্বৰ মঞ্চ লাভ কৰিব বুলি উপায়ুক্ত গৰাকীয়ে মত প্ৰকাশ কৰে। তেওঁ কৃষক মেলাৰ পূৰ্ণ সফলতা কামনা কৰাৰ লগতে এনেধৰণৰ কৃষক মেলাৰ আয়োজন ভৱিষ্যত সময়তো অব্যাহত ৰাখিবলৈ আহ্বান জনায়। কৃষক মেলাৰ অংশ স্বৰূপে আয়োজন কৰা কৃষক, কৃষি বিজ্ঞানী, বেংক বিষয়া, আৰু অন্যান্য বিভাগৰ বিষয়া সকলৰ মত-বিনিময় অনুষ্ঠানৰ শুভাৰম্ভ কৰে অতিৰিক্ত উপায়ুক্ত জাবেদ আৰমানে। অতিৰিক্ত উপায়ুক্ত মৌচুমী চেতিয়াও এই কৃষক মেলাত উপস্থিত থাকি প্ৰদৰ্শন স্থলী পৰিদৰ্শন কৰে। আজিৰ দিনৰ অনুষ্ঠানত জিলা কৃষি বিষয়া তথা আটমাৰ প্ৰকল্প সঞ্চালক ৰবীন য়েইন, কৃষি উন্নয়ন বিষয়া প্ৰনৱজিৎ চেতিয়া, চৈয়দ মোস্তাইন হুছেইন, নীলাক্ষী ঢেকিয়াল ফুকন, কল্পনা গগৈ, আটমাৰ উপ-প্ৰকল্প সঞ্চালক জেৰিফা উল্লাহৰ লগতে কৃষি পৰিদৰ্শক, সহকাৰী কৃষি পৰিদৰ্শক, কৃষি সম্প্ৰসাৰণ সহায়ক সকল, ভালেসংখ্যক আত্মসহায়ক গোটৰ প্ৰতিনিধিৰ উপৰিও মীন, পশুপালন তথা পশু চিকিৎসা, ৰেচম, হস্ততাঁত আৰু বস্ত্ৰ শিল্প, উদ্যান শস্য, কৃষি বিজ্ঞান কেন্দ্র আদি বিভাগৰ বিষয়া-কৰ্মচাৰী উপস্থিত থাকে।

প্ৰেৰক দীপাংকৰ পাল

You might also like