বিশেষ বাৰ্তা, ২৯ মাৰ্চঃ নিজৰ আচৰণৰ বাবে লজ্জিত আৰু অনুতপ্ত অভিনেতা উইল স্মিথ। কালি মাত্ৰ বিশ্ব চলচ্চিত্ৰৰ সৰ্বোচ্চ সন্মান অস্কাৰৰ শ্ৰেষ্ঠ অভিনেতাৰ বঁটা লাভ কৰি আজি সমগ্ৰ বিশ্বৰ সন্মুখতে খ্ৰীছ ৰ’কৰ ওচৰত ক্ষমা বিচাৰিছে তেওঁ। তেওঁ সীমা অতিক্ৰম কৰি ভুল কৰিছে। নিজৰ কামত নিজেই লজ্জিত তেওঁ। ছ’চিয়েল মিডিয়াত এটা দীঘলিয়া পোষ্ট শ্বেয়াৰ কৰিছে অভিনেতাজনে। উল্লেখনীয় যে এইবাৰ অস্কাৰৰ অনুষ্ঠানত এক অঘটন ঘটিল। অস্কাৰ বঁটা অনুষ্ঠান চলি থাঁকোতে মঞ্চতে অনুষ্ঠান পৰিচালক তথা কমেডিয়ান খ্ৰিছ ৰ’কক শ্ৰেষ্ঠ অভিনেতাৰ সন্মান লাভ কৰা উইল স্মিথে চৰিওৱা ভিডিঅ’ই আলোড়নৰ সৃষ্টি কৰিছে। তাৰ পাছতে আহিল এই প্ৰতিক্ৰিয়া। আচলতে ক্ৰিছ ৰকে উইল স্মিথৰ পত্নী জাদা পিংকেট স্মিথক লৈ তাচ্ছিল্যভৰা মন্তব্য কৰিছিল।
পত্নীৰ মূৰৰ চুলিক লৈ কৌতুক কৰিছিল ক্ৰিছ ৰকে। এই কথাত খং উঠি স্মিথে অস্কাৰ মঞ্চতে ক্ৰিছ ৰকক এটা চৰ সোধায়। এই কথাত উপস্থিত সকলো হতভম্ব হৈ পৰে। আজি তেওঁ লিখিছে যে হিংসা বৰ বিষাক্ত আৰু ধ্বংসাত্মক। অস্কাৰত তেওঁৰ আচৰণ গ্ৰহণযোগ্য নাছিল, ক্ষমাহীন অপৰাধ। প্ৰেম আৰু দয়াৰ পৃথিৱীত হিংসাৰ কোনো স্থান নাই। কিন্তু জাদাৰ চিকিৎসা অৱস্থাৰ বিষয়ে কৰা ধেমালি সহ্য কৰিব নোৱাৰি আৰু আৱেগিক প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল। পত্নী জাদাৰ চিকিৎসা অৱস্থাৰ বিষয়ে কোনোবাই ঠাট্টা কৰিলে নিজকে নিয়ন্ত্ৰণ কৰিব নোৱাৰে স্মিথে। উল্লেখ্য যে উইল স্মিথে ‘কিং ৰিচাৰ্ড’ ছবিৰ বাবে শ্ৰেষ্ঠ অভিনেতাৰ অস্কাৰ বঁটা লাভ কৰিছে। শ্ৰেষ্ঠ অভিনেতাৰ অস্কাৰ বঁটা গ্ৰহণ কৰি মঞ্চতে আৱেগিক হৈ কান্দি উঠিছিল উইল স্মিথ। তেওঁৰ পত্নী জাদা পিংকেট স্মিথ এল’পেচিয়া নামৰ এটা ৰোগত আক্ৰান্ত। ইয়াত ৰোগীৰ চুলিবোৰ একেবাৰে গুৰিৰ পৰা নোহোৱা হ’বলৈ ধৰে।