কৰ্ণাটকত হিজাব পিন্ধি আহিল পৰীক্ষাৰ্থী, তাৰ পাছত…
বিশেষ বাৰ্তা, ২৯ মাৰ্চঃ বোৰ্খা খুলি অহাৰ পাছতহে কর্নাটকৰ স্কুলত ছাত্রীক পৰীক্ষাত বহিবলৈ দিয়া হ’ল। ৰাজ্যখনত দশম শ্রেণীৰ পৰীক্ষা আজিৰে পৰা আৰম্ভ হৈছে। ৰাজ্য চৰকাৰে স্পষ্টভাৱে জনাই দিছিল যে, পৰীক্ষাৰ সময়ত হিজাবক লৈ হাই কোর্টৰ নির্দেশ মানি চলিব চৰকাৰে। নিয়ম ভাঙিলে ব্যৱস্থা গ্ৰহণ কৰা হ’ব। চৰকাৰে এই বিষয়ত কোনো আপোচ নকৰে। কিন্তু পৰীক্ষাৰ আৰম্ভণিৰ দিনাই হুবলী জিলাৰ এটি কেন্দ্রত আজি এগৰাকী ছাত্রীয়ে বোৰ্খা পিন্ধি পৰীক্ষা দিবলৈ আহিছিল। তেওঁক পোছাক সলাই আহিবলৈ কোৱা হয়। ছাত্রীগৰাকীয়ে সেই নির্দেশ মানি পোছাক সলাই আহে আৰু তাৰ পাছত পৰীক্ষাত বহিবলৈ দিয়া হৈছে। কর্তৃপক্ষই ইয়াৰ বাবে ছাত্রীগৰাকীক অতিৰিক্ত সময় দিব। একেই ধৰণৰ ঘটনা ঘটিছে বাগালকোট জিলাৰ এটি পৰীক্ষা কেন্দ্রত। তাত পৰীক্ষার্থী ছাত্রীগৰাকীক বোৰ্খা খুলি আহিবলৈ কয় কর্তৃপক্ষই। কিন্তু সেই নির্দেশ মানি নলয় ছাত্রীগৰাকীয়ে। আনকি পৰীক্ষাতে নবহিলে তেওঁ।