নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হিন্দু নহয়, কেৰেলাৰ মন্দিৰত ভাৰতনাট্যম শিল্পীৰ নৃত্যৰ অনুমতি বাতিল

বিশেষ বাৰ্তা, ২৯ মাৰ্চঃ তেওঁ হিন্দু নহয়, আৰু সেই কাৰণেই ভাৰতনাট্যম শিল্পী মনছিয়া ভি পিক নৃত্য পৰিৱেশনত বাধা দিয়াৰ অভিযোগ উঠিল কেৰালাৰ ত্রিশূৰৰ এটি মন্দিৰ কর্তৃপক্ষৰ বিৰুদ্ধে। শিল্পীগৰাকীৰ অভিযোগ যে, অহা ২১ এপ্রিলত তেওঁৰ নৃত্যৰ অনুষ্ঠান আছিল কুৰালমানিক্যম মন্দিৰত। কিন্তু দেওবাৰে মন্দিৰ কমিটিৰ এজন সদস্যই জনাইছে যে তেওঁক নৃত্যৰ অনুমতি দিয়া নহয়, কাৰণ তেওঁ হিন্দু নহয়। মাত্ৰ সেয়াই নহয়, সেই সদস্যজনে লগতে জনাইছে যে, ধর্মৰ ভিত্তিত মঞ্চ নিৰ্ধাৰণ কৰা হৈছে। কোন ভাল শিল্পী, কোন নহয় সেইবোৰ চোৱা নহয়। মনছিয়াই আকৌ জনায়, যিহেতু তেওঁৰ স্বামী হিন্দু, গতিকে তেৱোঁ হিন্দু ধর্ম লৈছে নেকি সেই প্রশ্ন কৰা হৈছিল। ইপিনে এই প্রসংগত মন্দিৰ কৰ্তৃপক্ষই জনাইছে যে মন্দিৰৰ ৰীতি-নীতি অনুযায়ী একমাত্র হিন্দুইহে মন্দিৰ চৌহদৰ কোনো অনুষ্ঠানত অংশ ল’ব পাৰিব। সেই নিয়ম অনুসৰি অংশগ্রহণৰ আগতেই শিল্পীসকলৰ ধর্ম জানিব বিচৰা হৈছে।

You might also like