নিৰ্ভয়ে লওক ভেকচিনঃ বঙাইগাঁও শোধনাগাৰৰ কৰ্মচাৰীৰ আৱাসিক চৌহদৰ স্কুলত টিকাকৰণ
নিয়মীয়া বাৰ্তা,২৯ মাৰ্চঃ “কভিড-১৯ মহামাৰীৰ ভেকচিনক লৈ নানা ধৰণৰ অপপ্ৰচাৰ চলি আছে। তোমালোকে সেইবোৰত ভোল নাযাবা। ই সম্পূৰ্ণ সুৰক্ষিত আৰু স্বাস্থ্য সন্মত।” এই মন্তব্য চিৰাং জিলা উপায়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহৰ। আজি বঙাইগাঁও শোধনাগাৰৰ কৰ্মচাৰীসকলৰ আবাসিক চৌহদতস্থিত বি জি আৰ এইচ এছ স্কুলত ১২-১৪ বছৰ বয়সৰ ল’ৰা-ছোৱালীৰ বাবে আয়োজিত এটি টিকাকৰণ শিবিৰ মুকলি কৰি ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি চিৰাং জিলাৰ উপায়ুক্তই এনেদৰে মন্তব্য কৰে। তেওঁ লগতে উপযুক্ত বয়সৰ সকলোকে নিৰ্ভয়ে আৰু নিশ্চিন্তমনে ভেকচিন ল’বলৈ আগবাঢ়ি আহিবলৈ আহ্বান জনায়। শোধনাগাৰ চিকিৎসালয়ৰ উদ্যোগত আৰু জিলা স্বাস্থ্য বিভাগৰ সহযোগত আয়োজিত টিকাকৰণ শিৱিৰটো মুকলি কৰাৰ প্ৰাকক্ষণত উপস্থিত অতিথিসকলক বিদ্যালয়ৰ তৰফৰ পৰা অধ্যক্ষ বি কে শৰ্মাই সম্ভাষণ জনায়। আনহাতে শোধনাগাৰটোৰ মানৱ সম্পদ বিভাগৰ ভাৰপ্ৰাপ্ত মহাপ্ৰৱন্ধক জৰ্জ ঈছৰেৰিয়ে উপায়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহক আৰু মহাপ্ৰৱন্ধক( মানৱ সম্পদ) চন্দ্ৰিমা শৰ্মাই মুখ্য মহাপ্ৰৱন্ধক তথা শোধনাগাৰ প্ৰমুখ নয়ন কুমাৰ বৰুৱাক সম্বৰ্ধনা জনায়। আদৰণি ভাষণ প্ৰদান কৰি নয়ন কুমাৰ বৰুৱাই ক’ভিড-১৯ মহামাৰীৰ সংক্ৰমণ ৰোধৰ ক্ষেত্ৰত টিকাকৰণৰ গুৰুত্ব উপলব্ধি কৰিয়েই শিৱিৰটো আয়োজন কৰা বুলি মন্তব্য কৰে। শিবিৰ মুকলি অনুষ্ঠানত মুখ্য মহাপ্ৰৱন্ধক( টি এছ এণ্ড এইচ এছ ই) এছ বি লহকৰ , মুখ্য মহাপ্ৰৱন্ধক ( কাৰিকৰী) জে জে দাস, মহাপ্ৰবন্ধক (মানৱ সম্পদ) সীতা বৰুৱা, চিৰাং জিলা টিকাকৰণ বিষয়া ডাঃ অতুল দাসকে ধৰি ভালেমান বিশিষ্ট ব্যক্তি উপস্থিত থাকে। আনহাতে শোধনাগাৰ চিকিৎসালয়লৰ হৈ মহাপ্ৰৱন্ধক( এইচ এছ ই, মেডিকেল) ডাঃ ডি কে দাস, মুখ্য প্ৰৱন্ধক( এইচ এছ ই, মেডিকেল) ৰূপম তালুকদাৰ, ডাঃ চিণ্ময় দত্ত ( এছ এম অ’) আৰু বনানী পুৰকায়স্থ( এছ এ ই অ’) উপস্থিত থাকি টিকাকৰণ কাৰ্যসূচীত সহযোগিতা আগবঢ়ায়। উল্লেখ্য যে আজিৰ এই শিৱিৰটোৰ জৰিয়তে ৯৬ গৰাকী হিতাধিকাৰীক টিকাকৰণ কৰা হয়।।
প্ৰেৰক:বিপুল কুমাৰ দাস