নিয়মীয়া বাৰ্তা, ৩০ মাৰ্চঃ কাশ্মীৰত পুনৰ মহিলাসকলক সন্ত্ৰাসবাদী কাৰ্যকলাপত সক্ৰিয় হ’ব ধৰিছে। মঙলবাৰে উত্তৰ- কাশ্মীৰৰ চিআৰপিএফ শিবিৰত পেট্ৰ’ল বোমা আক্ৰমণ কৰা এগৰাকী মহিলাই নিশ্চয়তা প্ৰদান কৰে। কাশ্মীৰৰ আইজি বিজয় কুমাৰে এই ঘটনাৰ স্পষ্টতা প্ৰদান কৰি কয় যে মহিলা সন্ত্ৰাসবাদী গৰাকীয়ে যদিও বোৰ্খা পৰিধান কৰিছিল তথাপিও সোপোৰৰ মহিলা সন্ত্ৰাসবাদী গৰাকীক চিনাক্ত আৰু শীঘ্ৰে গ্ৰেপ্তাৰ কৰা হ’ব।
আক্ৰমণৰ কেইঘন্টামান পিছত ইন্টাৰনেটত আক্ৰমণটোৰ এটা ভিডিঅ’ ভাইৰেল হৈছিল, য’ত মহিলাগৰাকীক স্পষ্টভাৱে দেখা পোৱা গৈছে। প্ৰাপ্ত তথ্য অনুসৰি মঙলবাৰে সন্ধিয়া প্ৰায় ৭. ১৫ বজাত সোপোৰৰ এটা চিআৰপিএফ শিবিৰত পেট্ৰ’ল বোমা আক্ৰমণ সংঘটিত হয়। শিবিৰৰ বাহিৰৰ গেটৰ ওচৰত পেট্ৰ’ল বোমাটো পৰি প্ৰচণ্ড শব্দৰে বিস্ফোৰিত হৈ তাত জুই লাগিছিল। সেই সময়ত গেটৰ বাহিৰত থিয় হৈ থকা চিআৰপিএফ জোৱানসকলে লগেলগে জুই নিয়ন্ত্ৰণলৈ আনিছিল। কিন্তু আক্ৰমণকাৰী মহিলাগৰাকীয়ে ঘটনাস্থলীৰ পৰা পলায়ন কৰে।
ইফালে ইন্টাৰনেটত আক্ৰমণৰ এটা ভিডিঅ’ ভাইৰেল হয়|ভিডিঅ’টোত দেখা গৈছে যে এগৰাকী বোৰ্খা পিন্ধা মহিলা হঠাতে চিআৰপিএফৰ মূল গেটৰ পৰা অলপ দূৰত্বত ৰৈ আছে আৰু পিছতেই মহিলাগৰাকীয়ে বেগৰ পৰা কিবা এটা উলিয়াই জুই লগাই চিআৰপিএফ শিবিৰলৈ লক্ষ্য কৰি নিক্ষেপ কৰে। নিক্ষেপৰ পিছতেই তাত জুই জ্বলি উঠে। কাশ্মীৰ আৰক্ষীয়ে এই ঘটনাৰ সত্যতা নিশ্চিত কৰে।