বিশেষ বাৰ্তা, ২ এপ্ৰিলঃ নজৰিয়া বদলো, নাজাৰা বদলেগা…। দৃষ্টিভংগী সলনি কৰক, গোটেই দৃশ্যপটে সলনি হৈ পৰিব। লিংগ বৈষম্যতাক প্ৰত্যাহ্বান জনাই মুম্বাইত আৰম্ভ কৰা হৈছে এখন নতুন কেফে। ব্যতিক্ৰমী চিন্তা, অন্য দৃষ্টিভংগীৰে কেফে নহৈ যেন সৰুকৈ নতুন পৃথিৱী এখন দেখুৱাব বিচৰা হৈছে সমাজক। মুম্বাইৰ অন্ধেৰী ৱেষ্টৰ ভেৰচোভাত মুকলি কৰা এই কেফেখনৰ নাম ‘বম্বাই নজৰিয়া’।
মুম্বাইৰ দৰে চহৰত প্ৰতিদিনে কেফেৰ দৰে ব্যৱসায় আৰম্ভ কৰা হয় বুলি ক’লেও মিছা নহয়। কিন্তু তাৰ মাজত কিয় এই কেফেখন সংবাদ শিৰোণামলৈ আহিছে, কি বিশেষত্ব? স্বাভাৱিকতে উত্থাপন হোৱা এটা প্ৰশ্ন। দৰাচলতে এই কেফেখন আৰম্ভ কৰিছে এদল ট্ৰেন্সজেণ্ডাৰে। তৃতীয় লিংগ বুলি আমাৰ সমাজত সদায়ে উপেক্ষিত, শোষিত, বঞ্চিত সকলো যে মানুহ, তেওঁলোকেও যে মৰ্যাদা সম্পন্ন কাম কৰিব পাৰে, তেওঁলোকৰো যে স্বাভিমান-আত্মসন্মান আছে সেই উদ্দেশ্যৰে খোলা হৈছে এই কেফেখন। কেফেখনৰ কৰ্মী হিচাপে তৃতীয় লিংগৰ মানুহকহে মাত্ৰ ৰখা হৈছে।
তাৰ বিপৰীতে সকলো শ্ৰেণী, সকলো লিংগৰ মানুহকেই ইয়ালৈ আমন্ত্ৰণ জনোৱা হৈছে। কেফেখনৰ গৰাকী হ’ল ডিয়েগো মিৰাণ্ডা। সমাজত প্ৰয়োজনীয় পৰিৱৰ্তন এটা আনিবলৈ তেওঁ যি কৰিব বিচাৰিছিল সেই কামক বাস্তৱ ৰূপ দিবলৈ প্ৰায় সাত বছৰৰ প্ৰয়োজন হৈছে। দুমাহ পুৰণি হোৱা কেফেখনত বৰ্তমানে তিনিগৰাকী কৰ্মী নিয়োজিত হৈ আছে। তেওঁলোকে নিজকে কেফেৰ ‘হোষ্ট’ বুলি পৰিচয় দিহে ভাল পায়। মুম্বাইৰ জনপ্ৰিয় পাভ ভাজিৰ পৰা আৰম্ভ কৰি কীমা পাভ, মিছাল পাভ, কাশ্মীৰী পিংক চাহলৈ বিভিন্ন জনপ্ৰিয় খাদ্যসম্ভাৰ ইয়াত পোৱা যায়।