এইবাৰ মোদীৰ ভেটি কঁপোৱাৰ চিন্তা-চৰ্চা কেজৰিৱালৰ
বিশেষ বাৰ্তা, ২ এপ্ৰিলঃ মোদীৰ ভেটিত আঘাত হনাৰ চেষ্টা কেজৰিৱালৰ। পাঞ্জাৱৰ বিধানসভা নিৰ্বাচনত অভূতপূৰ্ব বিজয় সাৱ্যস্ত কৰাৰ পাছত আম আদমী পাৰ্টীৰ ৰাষ্ট্ৰীয় অধ্যক্ষ তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে এইবাৰ গুজৰাট দখলৰ পৰিকল্পনাত নামিছে। আজি পাঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানৰ সৈতে গুজৰাটলৈ গৈছে কেজৰিৱাল। চলিত বৰ্ষৰ শেষত অনুষ্ঠিত হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গৃহৰাজ্য গুজৰাটৰ নিৰ্বাচন। এনে সময়ত আপৰ দুগৰাকী মুখ্যমন্ত্ৰী তথা নেতাৰ গুজৰাট ভ্ৰমণে স্বাভাৱিকতে চৰ্চা লাভ কৰিছে। দুয়োগৰাকী নেতাই মহাত্মা গান্ধীৰ সৱৰমতী আশ্ৰম পৰিদৰ্শন কৰাৰ লগতে যঁতৰ ঘূৰোৱাও দেখা যায়। ৰাজ্যখনৰ তৃণমূল পৰ্যায়ৰ কৰ্মীসকলক উংসাহিত কৰিবলৈ আজি গধূলি দুই কিলোমিটাৰজোৰা ৰেলী কৰিব কেজৰিৱালে। আপৰ কাম-কাজ চাবলৈয়ে ৰাজ্যখনলৈ আহিছে কেজৰিৱাল আৰু মান। ইপিনে, তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টালিনে দিল্লীৰ আৰ্হিত দক্ষিণৰ ৰাজ্যখনত বিদ্যালয় স্থাপনৰ কথা কালি ঘোষণা কৰিছে।