নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চৰাইদেউত ২১৪গৰাকী হিতাধিকাৰীক মাটিৰ পট্টা প্ৰদান ৰাজহ মন্ত্ৰী যোগেন মহনৰ

নিয়মীয়া বাৰ্তা, ৩ এপ্ৰিলঃ অসম চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা, খনি আৰু খনিজ সম্পদ, পাৰ্বত্য এলেকা উন্নয়ন আদি বিভাগৰ মন্ত্ৰী যোগেন মহনে আজি চৰাইদেউ জিলাৰ মাহমৰা ৰাজহ চক্ৰৰ অধীনস্থ দিৰৈ দেওঘৰীয়া গাঁৱৰ ২১৪গৰাকী ভূমিহীন খিলঞ্জীয়া হিতাধিকাৰীক আনুষ্ঠানিকভাৱে মাটিৰ পট্টা প্ৰদান কৰে। দিৰৈ দেওঘৰীয়া ৰংগমঞ্চত আয়োজিত এখন ৰাজহুৱা সভাত বিশিষ্ট অতিথিৰূপে অংশগ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে মাটিৰ পট্টা লাভৰ পিছত আজি দিৰৈ দেওঘৰীয়া গাৱঁৰ দীৰ্ঘদিনীয়া এক সমস্যা সমাধান হৈছে বুলি মন্তব্য কৰে। এয়া ৰাজ্য চৰকাৰৰ সদিচ্ছা, সুপৰিকল্পনা আৰু জনকল্যাণকামী পদক্ষেপৰ বাবেহে সম্ভৱপৰ হৈছে বুলি তেওঁ উল্লেখ কৰে। অসম চৰকাৰে ২০১৯ চনত নতুন ভূমি নীতিৰ প্ৰৱৰ্তন কৰাৰ পিছত ৰাজ্যখনৰ ২ লাখ ১২ হাজাৰ ভূমিহীন খিলঞ্জীয়া লোকক মাটিৰ পট্টা প্ৰদান কৰা হৈছিল বুলি উল্লেখ কৰি তেওঁ কয় যে, বৰ্তমান অসমৰ মুখ্যমন্ত্ৰী ডাঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত এই প্ৰক্ৰিয়া অধিক তৰান্বিত কৰি তোলা হৈছে। জাতি-মাটি-ভেটিৰ স্বাৰ্থ ৰক্ষাত সদা তৎপৰ ৰাজ্য চৰকাৰে খিলঞ্জীয়া লোকসকলৰ অধিকাৰ আৰু স্বাভিমান সুৰক্ষিত কৰাৰ ক্ষেত্ৰত কোনো ত্ৰুটি এৰা নাই বুলিও তেওঁ মত প্ৰকাশ কৰে। মন্ত্ৰী গৰাকীয়ে কয় যে, অসমৰ ১৯৫ খন ৰাজহ চক্ৰৰ ভিতৰত ১২০ খন ৰাজহ চক্ৰক মিছন বসুন্ধৰা আঁচনিৰ আওতাত আনি তথ্য প্ৰযুক্তিৰ ব্যৱহাৰৰ দ্বাৰা জনসাধাৰণৰ ভূমি সংক্ৰান্তীয় সমস্যা ক্ষিপ্ৰতাৰে সমাধান কৰি অহা হৈছে। মিছন বসুন্ধৰা আঁচনিৰ ৰূপায়ণৰ দিশত সমগ্ৰ ৰাজ্যৰ ভিতৰত মাহমৰা ৰাজহ চক্ৰই শ্ৰেষ্ঠ স্থান দখল কৰাৰ বাবে তেওঁ গৌৰবান্বিত বুলি উল্লেখ কৰি সংশ্লিষ্ট বিষয়া- কৰ্মচাৰীক ইয়াৰ বাবে ধন্যবাদ আৰু অভিনন্দন জনায়। মিছন বসুন্ধৰা আঁচনিৰ অধীনত অসমৰ প্ৰায় ৮ লাখ ১২ হাজাৰ লোকে অনলাইন মাধ্যমেৰে ভূমি সংক্ৰান্তীয় সমস্যা সমাধানৰ বাবে আবেদন কৰিছিল আৰু ইয়াৰে প্ৰায় ৬ লাখ ৫০ হাজাৰ লোকৰ সমস্যা ইতিমধ্যে সমাধান কৰা হৈছে বুলি মন্ত্ৰী গৰাকীয়ে মন্তব্য কৰে। বাকী থকা আবেদন সমূহ অহা ১০ মে’ৰ ভিতৰত নিষ্পত্তি কৰিবলৈ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ক চৰকাৰে সময়সীমা নিৰ্ধাৰণ কৰি দিছে বুলি তেওঁ অৱগত কৰে। মাহমৰা ৰাজহ চক্ৰৰ ৪,০০০ আবেদনকাৰীৰ ভূমি সংক্ৰান্তীয় সমস্যাৰ এশ শতাংশ সমাধান কৰা হৈছে বুলি মন্ত্রীগৰাকীয়ে সন্তুষ্টি প্ৰকাশ কৰে। তেওঁ ৰাজ্য চৰকাৰে গ্ৰহণ কৰি থকা জনকল্যাণকামী আঁচনি সমূহৰ বিষয়ে এক চমু অৱলোকণ দাঙি ধৰি জনসাধাৰণক চৰকাৰৰ উন্নয়নী প্ৰক্ৰিয়াৰ সক্ৰিয় অংশীদাৰ হ’বলৈ আহ্বান জনায়। সভাত অংশগ্ৰহণ কৰি চৰাইদেউ জিলাৰ উপায়ুক্ত পল বৰুৱাই তেওঁৰ ৩০ বছৰৰ কৰ্মজীৱনত আজি প্ৰথমবাৰৰ বাবে ভূমিহীন খিলঞ্জীয়া লোকসকলক ভূমি পট্টা প্ৰদান প্ৰক্ৰিয়াৰ জড়িত হ’বলৈ পাই অতিশয় আনন্দিত অনুভৱ কৰিছে বুলি কয়। তেওঁ আজিৰ এই পদক্ষেপৰ জৰিয়তে নতুন আশা, উদ্যম আৰু সম্ভাৱনাৰ পাতনি মেলিছে বুলি মত প্ৰকাশ কৰে। ১৯৭৪-৭৫ চনত মাজুলীৰ শালমৰা, বদতি, মাণিক মুখ, কেতুৰি পাৰ আৰু শিৱসাগৰৰ দিচাংমুখৰ বলমা গাৱঁৰ বানপানী আৰু গৰাখহনীয়াৰ কবলত পৰি সৰ্বশ্ৰান্ত হোৱা প্ৰায় ১০৯ টা পৰিয়ালে দিৰৈ দেওঘৰীয়া পথাৰত পুনৰসংস্থাপন লাভ কৰি দীৰ্ঘ কালৰ প্ৰতীক্ষাৰ অন্তত তেওঁলোকৰ ভূমিৰ অধিকাৰৰ সপোন আজি বাস্তৱায়িত হোৱাটো অতি আশাব্যঞ্জক বতৰা বুলি উপায়ুক্ত গৰাকীয়ে উল্লেখ কৰে। খিলঞ্জীয়াৰ স্বাভিমান আৰু ভূমিৰ অধিকাৰ প্ৰদানৰ দিশত ৰাজ্য চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ বাবে তেওঁ কৃতজ্ঞতা প্রকাশ কৰি কয় যে, ভূমি পট্টা লাভ কৰাৰ ফলত ৰাইজে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ আঁচনিসমূহৰ সুবিধা লাভ কৰাটো সম্ভৱ হ’ব৷ ইমানদিনে এই লোকসকলে বহুবোৰ চৰকাৰী সা-সুবিধাৰ পৰা বঞ্চিত হৈ আছিল বুলি উল্লেখ কৰি তেওঁ কয় যে, এতিয়া ভূমিৰ এই আইনী নথিৰ জৰিয়তে তেওঁলোকে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি, কিষাণ ক্ৰেডিট কাৰ্ড, ফচল বীমা যোজনা, বেংক একাউণ্ট মুকলি কৰাৰ দৰে সুযোগসমূহ লাভ কৰাৰ লগতে ব্যৱসায়-বাণিজ্যৰ বাবে বেংকৰ পৰা ঋণ পোৱাটোও সহজ হৈ পৰিব৷ উল্লেখযোগ্য যে, আজিৰে পৰা অজৰীপকৃত গাৱঁৰ পৰা ৰাজহ গাঁৱলৈ উন্নীত হোৱা দিৰৈ দেওঘৰীয়া গাওঁৰ ২১৪ গৰাকী হিতাধিকাৰীয়ে মাটিৰ পট্টা লাভ কৰি মুঠ ৯৮২ বিঘা ২ কঠা ১৯ লেছা ভূমিৰ ওপৰত আইনগত অধিকাৰ সাব্যস্ত কৰিবলৈ সক্ষম হয়। আজিৰ সভাত মাহমৰাৰ ৰাজহ চক্ৰ বিষয়া ইণ্ডিকা গগৈয়ে আদৰণি ভাষণ প্ৰদান কৰাৰ লগতে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে। আজিৰ অনুষ্ঠানৰ শেষত চৰাইদেউ জিলাৰ অতিৰিক্ত উপায়ুক্ত জাবেদ আৰমানে শলাগৰ শৰাই আগবঢ়ায়। সভাত চৰাইদেউ জিলাৰ আৰক্ষী অধীক্ষক সুধাকৰ সিং, মাহমৰাৰ সংলগ্ন চক্ৰ বিষয়া ভাৰতী বড়া, জিলা পৰিষদৰ সভাপতি বন্তি কোঁৱৰৰ লগতে দিৰৈ দেওঘৰীয়া গাওঁ উন্নয়ন সমিতিৰ বিষয়-ববীয়া, ভালে কেইগৰাকী বিশিষ্ট সমাজকৰ্মী আৰু স্থানীয় ৰাইজ উপস্থিত থাকে।

প্ৰেৰক দীপাংকৰ পাল

You might also like