বেংকৰ একাউণ্টৰ পৰা সাংবাদিকৰ পত্নীৰ ৮৬ হাজাৰ হৰলুকী
নিয়মীয়া বাৰ্তা, ৫ এপ্ৰিলঃ চাইবাৰ অপৰাধ ৰোধ কৰিবলৈ অসম আৰক্ষীয়ে অত্যাধুনিক প্রযুক্তিৰ সহায়েৰে অপৰাধী চক্রৰ বিৰুদ্ধে যুঁজ দি আহিছে যদিও আৰক্ষীয়ে সুফল পোৱা নাই৷ কালি দিছপুৰত এগৰাকী সাংবাদিকৰ পত্নীৰ একাউণ্টৰ পৰা দুর্বৃত্তই ৮৬ হাজাৰ টকা হৰলুকী কৰে৷ ভুক্তভোগী সাংবাদিকজনে ঘটনা সন্দর্ভত হাতীগাঁও থানাত এজাহাৰ দাখিল কৰিছে যদিও আৰক্ষীয়ে দুর্বৃত্তৰ সন্ধান উলিয়াব পৰা নাই৷
ঘটনা সন্দর্ভত হাতীগাঁও থানাত ৰুজু কৰা এজাহাৰত উল্লেখ কৰা মতে, সাংবাদিকজনে কালিজি বিয়লি তেওঁৰ পত্নীৰ নামত থকা একাউণ্টৰ জমা ধন উঠাবলৈ বশিষ্ঠ বেলতলা পথৰ ষ্টেট বেংকত উপস্থিত হয়৷ এ টি এমৰ পৰা ধন উঠোৱাৰ সময়তেই এ টি এমখনৰ স্ক্রীন সম্পূর্ণ বগা হৈ পৰে৷ সেই সময়তেই এ টি এমৰ কাষত ৰৈ থকা দুজন ল’ৰাই তেওঁক কিবা অসুবিধা পাইছে নেকি বুলি সোধাত সন্দেহ হয়৷ পৰৱর্তী সময়ত টকা উঠাবলৈ চেষ্টা কৰে যদিও তেওঁ বিফল হয়৷ এ টি এমৰ পৰা ওলাই আহি তেওঁৰ হাতত থকা পত্নীৰ এ টি এম কার্ডখনত শশীন্দ্র কাকতিৰ নাম থকা প্রত্যক্ষ কৰি তেওঁ হতভম্ব হৈ পৰে৷
ইপিনে, পত্নীৰ ম’বাইল ফোনত তেওঁৰ একাউণ্টৰ পৰা ৮৬ হাজাৰ টকা উঠাই লোৱাৰ মেছেজ যোৱাৰ পিছতে হুৱাদুৱা লাগে৷ ঘটনা সন্দর্ভত মেঘমল্লাৰ এপার্টমেণ্টৰ ভুক্তভোগী আৱাসী সাংবাদিক মানস কুমাৰ মহন্তই হাতীগাঁও থানাত এজাহাৰ দাখিল কৰাত আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে৷