কটনত কপৌফুল দিৱস উদযাপন
নিয়মীয়া বাৰ্তা, ৫ এপ্ৰিলঃ ২০০৩ চনৰ ৪ এপ্রিলৰ দিনটো অসমৰ বাবে অতি স্মৰণীয় দিন৷ এই দিনটোতে কপৌফুল Rhynchostylis retura (L.) Blume)ক ৰাজ্যিক ফুল হিচাপে ঘোষণা কৰা হৈছিল৷ এই দিনটোৰ লগত সংগতি ৰাখি ৪ এপ্রিলত কটন বিশ্ববিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান বিভাগত এক আলোচনা অনুষ্ঠান অনুষ্ঠিত কৰা হয়৷ অনুষ্ঠানত মূল বক্তাৰূপে বত্তৃণতা প্রদান কৰে TERI-ৰ ফেল’ ড০ আশিস কৰে৷ তেওঁ বত্তৃণতাত মূলতঃ উত্তৰ–পূর্বাঞ্চলত অর্কিডৰ ভৌগোলিক অৱস্থিতি, কামৰূপ জিলাত কি কি প্রজাতিৰ পোৱা যায়, লগতে কপৌফুলৰ গুৰুত্ব আৰু সাম্প্রতিক স্থিতি সম্পর্কে উল্লেখ কৰে৷